Wednesday, May 31, 2023
HomeAssameseফিল'বাৰীত অত্যাধুনিক জিম (GYM) চেন্টাৰ মুকলি

ফিল’বাৰীত অত্যাধুনিক জিম (GYM) চেন্টাৰ মুকলি

ফিল’বাৰী অঞ্চলৰ দুগৰাকী শিক্ষিত যুৱক তথা যুৱ উদ্যমী দেৱজিত শইকীয়া আৰু ফনিন্দ্ৰ বৰুৱাৰ প্ৰচেষ্টাত ফিল’বাৰীত “জিম ফিট” (GYM FIT) নামেৰে আজি এটা অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি কৰা হয় । ডুমডুমা-ফিল’বাৰী পথৰ থানা চাৰিআলিৰ সমীপত “জিম ফিট” নামৰ জিম চেন্টাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে ২০২১-২২ বৰ্ষৰ Mr. Assam খিতাপ বিজয়ী ধিৰাজ গগৈয়ে । “জিম ফিট” নামৰ অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি অনুষ্ঠানত কাকপথাৰস্থিত “The Motivation” জিম চেন্টাৰৰ স্বত্বাধিকাৰী তথা অভিনেতা থানেশ্বৰ ৰবি বিশেষভাৱে উপস্থিত থাকে । এই জিম চেন্টাৰটোত ফিল’বাৰীৰ উৎপল শইকীয়াৰ লগতে আন কেইবাজনো প্ৰশিক্ষক থাকিব বুলি জানিব পৰা গৈছে । অত্যাধুনিক প্ৰযুক্তি সমৃদ্ধ জিম চেন্টাৰটোৰ মুকলিয়ে বৃহতৰ ফিল’বাৰী অঞ্চলৰ লগতে ইয়াৰ সিমান্তৱৰ্তী অঞ্চলসমূহৰ যুৱক সকলক শৰীৰ চৰ্চাৰ ক্ষেত্ৰত উপকৃত কৰিব বুলি সকলোৱে আশা কৰিছে ।

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments