ফিজিত শক্তিশালী ভূমিকম্প

0
872

INTERNATIONAL DESK NE INDIA : ফিজি দেশত সংঘটিত হৈছে এক প্ৰবল ভূমিকম্প। ৭.৮ ৰিখটাৰ স্কেল  প্ৰাবল্যৰ এই বৃহৎ ভূমিকম্পই দেশখনক জোকাৰি যায় ৬ আগষ্টৰ মাজনিশা ১২ বজি ১৯ মিনিটত । ভূমিকম্পৰ অভিকেন্দ্ৰ দেশখনৰ ৰাজধানী ছুৱাৰ পৰা ১০২ কিঃমিঃ দক্ষিণ-পূব বুলি জানিব পৰা গৈছে। ৭.৮ ৰিখটাৰ স্কেল প্ৰাবল্যৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ বহুতো গভীৰ হোৱা বাবে দেশখনত কোনো ধৰণৰ চুনামীৰ আশংকা প্ৰকাশ কৰা নাই বিজ্ঞানী সকলে। কিয়নো বৃহৎ প্ৰাবল্যৰ ভূমিকেন্দ্ৰৰ অভিকেন্দ্ৰ আছিল ৬০৯ কিঃমিঃ গভীৰতাত। উল্লেখযোগ্য যে,দেশখনত সংঘটিত ভূমিকম্পত এতিয়ালৈ কোনো লোক হতাহত হোৱা বুলি সদৰি কৰা নাই দেশখনৰ চৰকাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here