পৰিবেশ সুৰক্ষা সমিতি অসম,ভেৰজান ঢেলাখাট সমিতিৰ উদ্যোগত গছপুলি ৰোপণ
দেওবাৰে পৰিবেশ সুৰক্ষা সমিতি অসম, ভেৰজান ধেলাখাট সমিতিৰ উদ্যোগত ,ধেলাখাট মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত এক গছপুলি ৰোপণ বিতৰণ আৰু প্ৰতিপালনৰ কায্যসূচীৰ শুভাৰম্ভ কৰা হয়।
এই কায্যসূচীৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য এই যে বৰ্তমান সময়ত বাঢ়ি অহা প্ৰদূষণ ৰোধৰ বাবেই এই কায্যসূচী হাতত লোৱা হৈছে ।
read more-তিনিচুকীয়া পলিটেকনিক প্ৰাংগণত সুস্থ পৰিৱেশ সৃষ্টিৰ প্ৰয়াসেৰে গছপুলি ৰোপণ

পৰৱৰ্তী ৩বছৰলৈ এই কায্যসূচী ঢেলাখাট অঞ্চলত চলিব ।উক্ত কায্যসূচীত চুতীয়া যুৱ সন্মিলনৰ মুখ্য উপদেষ্টা কে ধৰি বিষয়ববীয়া সকলৰ লগতে পৰিবেশ সুৰক্ষা সমিতিৰ মহিলা সমিতিয়েও সহযোগিতা আগবঢ়াই।
পৰিবেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই সংবাদ মাধ্যমক জানিব দিয়ে যে ভেৰজান পক্ষী অভয়াৰণ্য খনক সুৰক্ষাৰ বাবে অনাগত সময়ত পৰিবেশ সুৰক্ষা সমিতিয়ে বিভিন্ন ধৰণৰ কায্যসূচীৰ লগতে চৰকাৰক পক্ষী অভয়াৰণ্য খনৰ সুৰক্ষাৰ বাবে হেঁচা প্ৰয়োগ কৰিব বুলি নিজৰ মত পোষণ কৰে ।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News