প্ৰাক্তন শ্ৰম মন্ত্ৰী দিলেশ্বৰ তাঁতীৰ মৃত্যু
প্ৰাক্তন শ্ৰম মন্ত্ৰী তথা ডুমডুমা সমষ্টিৰ ২৮ বছৰ ধৰি বিধায়ক, শ্ৰমিক নেতা দিলেশ্বৰ তাঁতীৰ মৃত্যু | ১২ জুলাই তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল নেতা গৰাকীক | নেতা গৰাকীৰ মৃত্যুত ডুমডুমাত শোকৰ ছাঁ পৰে | মেলিনা ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন আছিল তাঁতী |

কংগ্ৰেছ দলৰ এগৰাকী জেষ্ঠ নেতা আছিল তাঁতী | হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাত শ্ৰম মন্ত্ৰীৰ দায়িত্বত লাভ কৰিছিল তাঁতী | বুধবাৰে দিন ২:১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে | মৃত্যুৰ সময়ত ২ গৰাকী জী, ১ গৰাকী পুত্ৰ, নাতি-নাতিনী আৰু বহু আত্মীয়ক এৰি থৈ যায়|
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News