Saturday, March 18, 2023
HomeAssameseপ্ৰাক্তন বিধায়ক দূৰ্গা ভূমিজৰ সংবাদমেল ! চৰকাৰ আৰু চাহ মজদুৰ সংঘৰ বিৰুদ্ধে...

প্ৰাক্তন বিধায়ক দূৰ্গা ভূমিজৰ সংবাদমেল ! চৰকাৰ আৰু চাহ মজদুৰ সংঘৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ

৮০ ৰ পৰা ৬০ লাখ বিজেপিৰ সদস্য থকা বুলি দাবী কৰা ৰাজ্যিক বিজেপিয়ে ডিব্ৰুগড় জিলা উপায়ুক্তৰ দ্বাৰা চাহ শ্ৰমিকক দৰমহা সহ এদিনৰ ছুটিৰ প্ৰলোভন দি মোডিৰ সভালৈ মতাই অনাৰ প্ৰয়োজন কিয় হল, চাহ শ্ৰমিকক উক্ত দিনাৰ ছুটি সহ হাজিৰা দিয়া হব বুলি কয় পৰৱৰ্তী সময়ত শ্ৰমিকক প্ৰতাৰনা কৰা হল | এই অভিযোগ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা ডুমডুমাৰ প্ৰাক্তন বিধায়ক দূৰ্গা ভূমিজৰ | নেতা গৰাকীয়ে ডুমডুমা ৰাজীৱ ভৱনত আহ্বান কৰা এক সংবাদ মেলত সাম্প্ৰতিক ডুলু চাহ বাগিচা উচ্ছেদ বিষয়ত মুখ্যমন্ত্ৰীৰ মন্তব্যক হাস্যকৰ বুলি অভিহিত কৰি কয় যে বিজেপি চৰকাৰৰ দিনত ৰাজ্যখনৰ শ শ বিঘা চাহ বাগিচা উচ্ছেদ কৰি শ্ৰমিকৰ ভৱিষ্যনীধি ধন পৰিশোধ কৰা হোৱাটো দুৰ্ভাগ্যজনক | ভৱিষ্যতনীধি শ্ৰমিকৰ প্ৰাপ্য, মুখ্যমন্ত্ৰীয়ে কোৱা দৰে চাহ গছ উচ্ছেদ কৰাৰ বিনিময়ত মালিকপক্ষই পোৱা ক্ষতিপূৰণৰ টকাৰে উক্ত বাগিচাৰ শ্ৰমিকৰ প্ৰাপ্য ভৱিষ্যতনীধি দিয়াটো শ্ৰমিকৰ প্ৰতি চৰম প্ৰতাৰণা | এই ক্ষেত্ৰত চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ আৰু সাধাৰণ সম্পাদক তথা বিজেপি বিধায়ক ৰূপেশ গোৱালক তীব্ৰ সমালোচনা কৰি নেতা দুগৰাকী চাহ শ্ৰমিকক পিঠি দি বিজেপি চৰকাৰৰ তৈল মৰ্দনত ব্যস্ত থকা বুলি কয় কংগ্ৰেছ নেতা গৰাকীয়ে | ইয়াৰোপৰি একাংশ চাহ বাগিচাত শ্ৰমিকক প্লাচটিক জাতীয় চাউল প্ৰদান কৰা যোগানকাৰীৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই | আনহাতে চাহ জনগোষ্ঠী জাতীয় মহাসভা নামৰ সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিয়ে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি চাহ জনগোষ্ঠীৰ ধৰ্মীয় সংখ্যা লঘু লোকক জাতিৰ প্ৰমান পত্ৰ দিব নালাগে বুলি দাবী জনোৱা বিষয়টোত বিজেপি বিধায়ক তেৰচ গোৱালা জড়িত বুলি গোৱালাক গৰিহণা জনোৱাৰ লগতে চাহ জনগোষ্ঠীক ধৰ্মীয় মেৰুকৰনেৰে বিভক্ত কৰাৰ বিজেপিৰ ষড়যন্ত্ৰ আৰু ইয়াৰ বাবে বিধায়ক তেৰচ গোৱালাক দায়ীত্ব অৰ্পন কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰে ভূমিজে |

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments