প্ৰাক্তন বিধায়ক আনৱাৰ হুছেইন আৰু নাই

11

প্ৰাক্তন বিধায়ক আনৱাৰ হুছেইন আৰু নাই

কাছাৰ জিলাৰ সোণাইৰ প্ৰাক্তন বিধায়ক আনৱাৰ হুছেইন লস্কৰৰ মৃত্যু।সোমবাৰে নিশা চিকিৎসালয়লৈ নিয়াৰ পথত হৃদৰোগত আক্ৰান্ত হৈ প্ৰায় ১ বজাত মৃত্যু ঘটে প্ৰাক্তন বিধায়ক আনৱাৰ হুছেইন লস্কৰৰ। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬০ বছৰ। আনোৱাৰ হুছেইন লস্কৰ দুবাৰকৈ সোণাই বিধায়কৰ আসন দখল কৰিবলৈ সক্ষম হৈছিল। ১৯৯৬ চনত অসম গণ পৰিষদ আৰু ২০০১ চনত সমাজবাদী পার্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি জয়যুক্ত হৈ দুবাৰকৈ বিধায়কৰ আসন দখল কৰে। মৃত্যুৰ সময়ত তেওঁ তেওঁৰ পত্নী আৰু দুগৰাকী কন্যাক এৰি যায়।

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here