Tuesday, March 21, 2023
HomeAssameseপ্ৰস্ৰাৱ কৰঃ Charged for using public restrooms!

প্ৰস্ৰাৱ কৰঃ Charged for using public restrooms!

প্ৰস্ৰাৱ কৰঃ Charged for using public restrooms!

ভাৰতৰ ৰেল ষ্টেচনৰ কোনোবা এটা প্ৰস্ৰাৱ গাৰত কোনোবা বিদেশী লোকে প্ৰস্ৰাৱ কৰোঁতে GST ভৰিব লগীয়া ঘটনা এটাই কিছুদিন আগতে সংবাদ মাধ্যমত স্থান অধিকাৰ কৰিছিল। কথাটো শুনি বহুতে বহুত ধৰণৰ মন্তব্য দিছিল। চৰকাৰক বিভিন্ন ধৰণে ট্ৰ’ল কৰা হৈছিল।

এনেকুৱা বাতৰিবোৰে মানুহক বিভিন্ন ধৰণৰ চিন্তাত পেলায়।

প্ৰস্ৰাৱ কৰোঁতেও জি এছ টি ভৰিব লাগে?

ভাৰতীয় ৰেলৱেৰ ৱেটিং ৰুমৰ যাত্ৰীয়ে প্ৰস্ৰাৱগাৰত প্ৰস্ৰাৱ কৰোঁতে এশ টকা আৰু ১২% জি এছ টি ভৰিব লগীয়া ঘটনাটো সচাঁ। ভাৰতীয় ৰেলৱেৰ নতুন নিয়ম মতে ১ অক্টোবৰ পৰা এই নিয়ম বলবৎ কৰা হৈছে।

এই নিয়মক পোনচাতেই নাকচ কৰা নাজায়। আমি যদি কোনো স্থানৰ স্বচ্ছতা বিচাৰোঁ, তাক আনে কৰি দিব বুলি ভাবিলে ভুল হ’ব। চাফ-চিকুণতা বিচাৰিলে নিজেও চাফ-চিকুণতা বজাই ৰাখিবলৈ শিকিব লাগিব।

আমি পাণ-তামোল-গুটখা খাই তাৰ ৰস বা পিক য’তে ত’তে পেলোৱাৰ অভ্যাস এৰিব পাৰিছোঁ নে? পানীৰ খালী বটলটো গাড়ীৰ পৰা দলিয়া দিব নালাগে বুলি জানোঁ নে?

প্ৰস্ৰাৱ কৰঃ Charged for using public restrooms

চৰকাৰে হস্পিতাল সজাই দিছে ৰোগীক সৰ্বতোপ্ৰকাৰে সুস্থ কৰি তুলিবলৈ। হস্পিতালৰ বাতাৱৰণ, চাফ- চিকুনতা ৰক্ষা কৰা ৰোগী আৰু লগত থকা পৰিয়ালৰ সদস্যৰ কৰ্তব্য।

কিন্তু প্ৰায়বোৰ হস্পিতালৰ ৱাৰ্ডৰ চুকবোৰত আমি কি দেখোঁ? তামোলৰ পিক? ৱাৰ্ডৰ খিৰিকীৰ তলত ৰোগী আৰু পৰিয়ালে পেলোৱা ভাত, ফটা কাপোৰ, পলিথিনৰ বেগ, কাগজ ইত্যাদি।

সেইবোৰ ৰাজহুৱা বা চৰকাৰী স্থান পৰিষ্কাৰ কৰি ৰাখিব লাগে বুলি নাজানোঁ নেকি? যদি নাজানোঁ – তেন্তে তাক কোনোবাই পৰিষ্কাৰ কৰি ৰাখিব লাগিব। সেই “কোনোবা” এজনে পাৰিশ্ৰমিক অবিহনে আমি কৰা অপৰিষ্কাৰ চাফা কৰিব নে? তেওঁক ক’ৰ পৰা পাৰিশ্ৰমিক দিব?

ৰেলৱেৰ টইলেট ব্যৱহাৰ কৰিবলৈ আমি শিকিছোঁ নে? যদি আমি কোনো বস্তুৰ ব্যৱহাৰ নাজানোঁ, তাক বেয়া বুলি সমালোচনা কৰাও উচিত নহয়।

অকল ৰেলৱে ষ্টেচন পৰিষ্কাৰ পৰিচ্ছন্নতা ৰক্ষা কৰাই নহয়, দেশখনৰ প্ৰতিটো পথ, প্ৰতিখন ফ্লাই অভাৰ, চহৰৰ প্ৰতিটো চুক কোণ পৰিষ্কাৰ কৰি ৰখাটো নাগৰিকৰ কৰ্তব্য।

প্ৰস্ৰাৱ কৰঃ Charged for using public restrooms

ৰেল ষ্টেচনৰ বাহিৰত য’তে ত’তে প্ৰস্ৰাৱ কৰা লোকৰ অভাৱ নাই। ৰেলৰ দবাৰ ভিতৰত বাদামৰ বাকলি, ফলৰ বাকলি, খোৱা বস্তুৰ অৱশিষ্ট পেলোৱা মানুহৰো অভাৱ নাই।

এইসকল লোকে কৰা লেতেৰা বোৰ পৰিষ্কাৰ কৰিবলৈ নিশ্চয় মানুহৰ দৰকাৰ। পৰিষ্কাৰ কৰা মানুহক দৰমহা দিবলৈ চৰকাৰে কৰ আৰোপ কৰা কোনো অনুচিত কথা নহয়।

তুমি লেতেৰা কৰিবা, কোনোবাই চাফা কৰি তোমাক সুবিধা দিব! সেয়া নহ’ব।

আজি কালি ৱেবছাইটৰ অভাৱ নাই। কিছুমান ৱেবছাইটে কাৰ্য্য-কাৰণৰ গভীৰ অনুসন্ধান নকৰি যি কোনো বাতৰি সামাজিক মাধ্যমত প্ৰকাশ কৰে। সকলো কথাৰে ধনাত্মক দিশ যিদৰে নাথাকে, তাৰ ঋণাত্মক দিশো থাকে। দেখা যায় ঋণাত্মক দিশৰ প্ৰভাৱ সমাজৰ ওপৰত বেছি কৈ পৰে।

তাৰোপৰি, বৰ্তমানে কিছুমান পোৰ্টেলে যৌনতাৰ কথা প্ৰচাৰত অধিক মনোযোগ দিয়া দেখা গৈছে। সমাজৰ আগত কাৰোবাৰ বেয়া চৰিত্ৰ প্ৰদৰ্শন কৰোঁতেও এই কথা মনত ৰাখিব লাগিব যে বাতৰিটো যিমান পাৰি শালীনতাৰে পৰিবেশন যায়। এয়া সমাজৰ চতুৰ্থ স্তম্ভৰ দায়বদ্ধতা।

প্ৰস্ৰাৱ কৰাৰ বাবদ এশ টকা আৰু জি এছ টি ভৰিব লগীয়া ঘটনাটো অযুক্তিকৰ বুলি ভবা উচিত নহয়। পৰিষ্কাৰ পৰিচ্ছন্নতা ৰক্ষাৰ বাবে যি অৰ্থ ব্যয় হয় তাক যদি ব্যৱহাৰ কৰাজনৰ পৰা আদায় কৰা হয়, তেতিয়াহে বুজিব পৰিষ্কাৰ পৰিচ্ছন্নতা কেনেকৈ ৰক্ষা কৰিব লাগে।

এনেকুৱা এটা দিন আছিল – দেশৰ প্ৰধানমন্ত্ৰীজনে ঝাৰু ধৰি আমাক চাফ- চিকুণতাৰ শিক্ষা দিব লগীয়া হৈছিল। সেই কথা আজিও প্ৰাসংগিক।

যিসকল সাংবাদিকে প্ৰস্ৰাৱ গাৰৰ জি এছ টিৰ সংবাদ পৰিৱেশন কৰিছে তেওঁলোকে অন্য দেশৰ পৰিবেশ আৰু আমৰ দেশৰ পৰিবেশৰ কথা অধ্যয়ন কৰি চাব পাৰে। তেতিয়া হয়তো উপলব্ধি কৰিব প্ৰস্ৰাৱ গাৰৰ বাবে জি এছ টিৰ প্ৰয়োজনীয়তা।

যিয়ে নহওক, পৰিষ্কাৰ পৰিচ্ছন্নতা অক্ষুন্ন ৰাখিবলৈ আমি সদায়েই চেষ্টা কৰা উচিত।

ড০ আৰ কে বেজবৰুৱা, তেজপুৰ

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments