প্ৰসংগ : শিৱসাগৰ দুৰ্ঘটনা , সেনাৰ বিশেষ দলে চলাব অভিযান ৷

0
1125

NEWS DESK NE INDIA: শনিবাৰে সন্ধ্যা  শিৱসাগৰৰ দিখৌমুখৰ দিছিয়াল গাৱঁৰ দিখৌ মাথাউৰি সমীপৰ দিখৌ নৈৰ ভৰা বুকুত আন্ধাৰৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই পৰি যোৱা ৫জন লোকৰ সৈতে চুইফট ডিজায়াৰ খনৰ সন্ধান ২দিন ধৰি  উলিয়াব পৰা নাই। সোমবাৰে পুনৰ পুৱা ৬.১৫বজাৰ পৰা সেনাৰ ২১পেৰা কামাণ্ডোৱে উদ্ধাৰ অভিযান চলাই আছে দিখৌ নৈত। এতিয়ালৈকে সেনাৰ উদ্ধাৰকাৰী দলেও কোনো শুংসূত্ৰ পাবলৈ সক্ষম হোৱা নাই৷ আবেলি দক্ষিণ ভাৰতৰ পৰা  উদ্ধাৰ অভিযানৰ বাবে  ৮জনীয়া দল আহিব শিৱসাগৰলৈ। উদ্ধাৰ কাৰী দলটো আবেলি ৪ বজাত সেনাৰ বিমানেৰে পাবহি যোৰহাট বিমান বন্দৰ। তাৰ পাছতেই পোনে পোনে যাব দুৰ্ঘটনাস্থলীলৈ ৷আবেলি দিখৌ নৈত চলাব উদ্ধাৰ অভিযান। অত্যাধুনিক যন্ত্ৰপাতি লৈ আহিব এই দলটোৱে। সম্প্ৰতি শিৱসাগৰ উপায়ুক্তৰ সৈতে যোগাযোগত আছে দলটো ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here