প্ৰসংগঃ ৰূপজ্যোতি কুৰ্মীৰ দলত্যাগ

0
287

 

প্ৰসংগঃ ৰূপজ্যোতি কুৰ্মীৰ দলত্যাগ

যোৱা শুক্ৰবাৰে ৰূপজ্যোতি কুৰ্মীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দল ত্যাগ কৰে। দলৰ সাংগঠনিক বিচ্চ্যুতিৰ কথা তেওঁ বহুবাৰ উল্লেখ কৰি আহিছে।দলৰ ৰাজ্যিক সভাপতিৰ লগতো কিছুমান কথাত তেওঁৰ মতবিৰোধ হৈছিল। শেহতীয়াকৈ যোৱা বিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ৰ মিত্ৰতাৰ ক্ষেত্ৰতো তেওঁ মাত মাতিছিল। তেওঁ কংগ্ৰেছৰ ভিতৰ চ’ৰাৰ কিছুমান কথা লৈ বহু দিনৰ পৰা অসন্তুষ্ট হৈ আছিল ।
চাৰিবাৰকৈ মৰিয়নি বিধান সভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ সমষ্টিত ৰাজনৈতিক জনপ্ৰিয়তা ধৰি ৰখাত যে সফল আছিল সেয়া তাৰেই প্ৰমাণ। ইতিমধ্যে তেওঁ কংগ্ৰেছ দলৰ এজন শক্তিশালী বিধায়ক হিচাবেও নিজক প্ৰতিষ্ঠা কৰাত সফল হৈছিল।

আৰম্ভণিতে “ৰূপজ্যোতি কুৰ্মীৰ দল ত্যাগ” বুলি কোৱা হৈছে এই বাবেই যে, তাৰ অন্তৰালত বহুকেইটা কথা সোমাই আছে। যি সময়ত নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ পথত পৰিয়াল কেন্দ্ৰীক ৰাজনীতিৰ অৱৰোধ দেখা পাই মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সতীৰ্থ বিধায়কক লৈ কংগ্ৰেছ দল ত্যাগ কৰিছিল, সেই সময়তে ৰূপজ্যোতি কুৰ্মীয়ো দলৰ পৰা আতৰি অহাৰ কথা শুনা গৈছিল। কিন্তু তেতিয়া কিয় দলত্যাগ নকৰিলে, সেয়া গোপন হৈয়ে ৰ’ল।
হয়তো সেই সময়ত ৰূপজ্যোতিয়ে দলত কোনো বিশেষ স্থান লাভ কৰিব বুলি আশা কৰি আছিল। হয়তো কোনো ফালৰ পৰা তেওঁক আশাও দিয়া হৈছিল। সেই আশা তেওঁৰ কিছুমান কথাৰ মাজত প্ৰতিফলিত হৈছিল।এই প্ৰসংগতে কংগ্ৰেছ দলৰ সভাপতি বা মূখ্যমন্ত্ৰী পদৰ কথাও তেওঁৰ মুখত প্ৰকাশ পাইছিল।
হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক উত্থানত শংকিত হৈয়েই এসময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তেওঁক দলত ক্ৰমান্বয়ে এলাগী কৰি আনিছিল। সেই একেই কাৰবাৰ ৰূপজ্যোতিৰ ক্ষেত্ৰতো হৈছে। প্ৰয়াত মূখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ, প্ৰয়াত উপ মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ পুত্ৰ, অকণ বৰাৰ পুত্ৰ, প্ৰণৱ গগৈৰ পুত্ৰ আদিয়ে ইতিমধ্যে অসমৰ ৰাজনীতিত কম-বেছি পৰিমাণে নিজৰ খোপনি পুতিছিল। গৌৰৱ গগৈয়ে তেওঁৰ স্থান পিতৃৰ জীৱন কালতে গজগজীয়া কৰিছে। তাৰ পৰিপ্ৰেক্ষিতত ৰূপজ্যোতিৰ ৰাজনৈতিক আশা-আকাংক্ষাই কি ৰূপ লাভ কৰিব, তাক তেওঁ ভালদৰেই উপলব্ধি কৰিব পাৰিছে।
বিগত পাঁচ বছৰৰ বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰূপজ্যোতিয়ে কি কি কথা কৈছিল সেয়া সকলোৰে মনত আছে। “কা” বিৰোধী ভূমিকা পালন কৰি ৰূপজ্যোতিয়ে কলা পোছাক, কলা চচমা পিন্ধি বিধান সভাত উপস্থিত হোৱা ফটোও বহুতেই পাহৰা নাই। সেই সময়ত ” কা “-খন বাতিল কৰাৰ হকে ওকালতি কৰা ৰূপজ্যোতিয়ে আজি কি মহৎ উপলব্ধি কৰিলে যে “কা “-প্ৰবৰ্তন কৰা বিজেপিৰ শৰণত আশ্ৰয় ল’লে? সদায়ে বিজেপিক সাম্প্ৰদায়িক দল হিচাপে দেখা পোৱা ৰূপজ্যোতিয়ে চৰকাৰ বা দলটোত এনে কি ৰূপ দেখা পালে যে শুক্ৰবাৰৰ পৰা সোমবাৰৰ ভিতৰতে দলটো বিশুদ্ধ গাখীৰ বা পবিত্ৰ পানীত পৰিণত হ’ল?
এয়া ৰাজনৈতিক স্বাৰ্থ পূৰণৰ অভিসন্ধি নহৈ কি?

সোমবাৰে বিজেপিত চামিল হোৱাৰ সময়ত তেওঁ কৈছিল যে তেওঁৰ ভুল হৈছিল, বহু আগতেই বিজেপিত যোগ দিব লাগিছিল। হয় তেওঁ আগতেই বিজেপিত যোগ দিলে তেওঁৰেই লাভ হ’ল হেঁতেন। তাৰ উদাহৰণ – অজন্তা নেওগ।
আৰু কৈছে তেওঁৰ বিজেপিত যোগদানত কোনো স্বাৰ্থ নাই। সেয়া সত্য নহয়। যেতিয়া কংগ্ৰেছ দলত তেওঁৰ স্বাৰ্থ পূৰণৰ সকলো সম্ভাৱনা হেৰাই গ’ল বহু স্বাৰ্থ আগত ৰাখি তেওঁ বিজেপিৰ শৰণাৰ্থী হৈছে। এয়া মোৰ কথা নহয় – ৰাইজৰ মাজত হোৱা চৰ্চাৰ কথাহে। অৱশ্যে আমি তেওঁৰ মাজত সম্ভাৱনা দেখা পাইছোঁ ।
ৰূপজ্যোতিৰ বিজেপিত যোগদানে তেওঁৰ সমৰ্থকৰ সংখ্যা বৃদ্ধি কৰিব। তাৰ পৰা পৰবৰ্তী ইলেকচনত বিজেপি দলৰ লাভ হ’ব। অসমৰ সীমা-মূৰীয়া অঞ্চলত নগা আক্ৰমণ কাৰীৰ বিৰুদ্ধে তেওঁ অকলশৰে যুঁজি থকা আমি দেখা পাইছোঁ। যদি চৰকাৰে সহযোগ কৰে তেন্তে নগাৰ উপদ্ৰৱ শান্ত কৰাত তেওঁ ভাল ভূমিকা পালন কৰিব পাৰিব। আনহাতে, ৰূপজ্যোতিৰ দল ত্যাগে আৰু কেইজনমান কংগ্ৰেছ কৰ্মীক যে দল ত্যাগৰ বাবে উৎসাহিত কৰিব সেয়া নিশ্চিত। সেয়া হ’লে লাভ দলটোৰেই হ’ব।

আৰ কে বেজবৰুৱা

LEAVE A REPLY

Please enter your comment!
Please enter your name here