জ্ঞানব্যাপী – শৃংগাৰ গৌৰী গোচৰৰ আজি শুনানী গ্ৰহণ কৰিব বেনাৰসৰ সত্ৰ ন্যায়ধীশৰ আদালতে । এই গোচৰ আদালতত চলা উপযোগী হয় নে নহয় এই সন্ধৰ্ভত আজি শুনানী গ্ৰহণ কৰিব । আদালতে আজি ( বৃহস্পতিবাৰ ) এই গোচৰৰ Maintainability ৰ ওপৰত আদালতে আজি ৰায়দান কৰাৰ সম্ভাৱনা ।
সৰ্বপ্ৰথমে মুছ্লিম পক্ষৰ আবেদন পত্ৰৰ ওপৰত শুনানী গ্ৰহণ কৰিব তাৰপিচত পৰৱৰ্তী বিযয় সমুহৰ ওপৰত পদক্ষেপ গ্ৰহণ কৰিব আদালতে । জিলা সত্ৰ ন্যায়ধীশে প্ৰথমে নিশ্চিত কৰিব এই গোচৰৰ ক্ষেত্ৰত ১৯৯১ চনৰ পুজাস্থল অধিনিয়ম লাঘু হয় নে নহয় ।
জ্ঞানব্যাপী- শৃংগাৰ গৌৰী গোচৰ জিলা আদালতলৈ ট্ৰাঞ্চফাৰ কৰিছিল সৰ্ব্বোচ্চ ন্যায়লয়ে । আজি ৭\১১ অৰ্ডাৰৰ আধাৰত মুছলিম পক্ষই জনোৱা আবেদনৰ ওপৰত শুনানী গ্ৰহণ কৰিব আদালতে । এই গোচৰ প্ৰত্যাহাৰ কৰাৰ আবেদন জনাইছিল মুছলিম পক্ষই ।
ইয়াৰ পুৰ্বৰ শুনানীত চাৰ্ভে কমিছনৰ কাৰ্যব্যৱস্থা সন্ধৰ্ভত আপত্তি দাখিলৰ বাবে হিন্দুপক্ষ আৰু মুছলিম পক্ষক এসপ্তাহৰ সময়সীমা বান্ধি দিছিল জিলা আদালতে ।
National Desk , Ne India News