প্ৰসংগঃ জম্মু-কাশ্মীৰৰ আৰক্ষীৰ লোকক হত্যা, অভিযান অৱ্যাহত প্ৰশাসনৰ

0
759

NATIONAL DESK NE INDIA : ২১ ছেপ্তেম্বৰৰ  পুৱাৰ ভাগত সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰত হত্যা কৰিছিল ৩ জনকৈ আৰক্ষীক । এনে নৃশংস হত্যা-লীলা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছিল নিষিদ্ধ ঘোষিত সংগঠন হিজবুল মুজাহিদীনৰ ওপৰত। এই ঘটনা সংঘটিত হোৱাৰ পৰাই সেনাবাহিনীয়ে ৰাজ্যখনত বিভিন্ন অভিযান চলাইছে । ইয়াৰ ফলত  ঘটনাৰ দ্বিতীয় দিনা অৰ্থাৎ ২২ ছেপ্তেম্বৰৰ পুৱতি নিশাৰ পৰা সৈন্যবাহিনীয়ে পুলবামা জিলাৰ ৮ খনকৈ জিলাত চলাইছে বৃহৎ অভিযানৰ। উল্লেখযোগ্য যে ,জম্মু-কাশ্মীৰত হিজবুল মুজাহিদীনে আৰক্ষী বিভাগক সকীয়নী প্ৰদান কৰিছে । সংগঠনটোৱে সকীয়নীত জাৰি কৰি কৈছে যে  অাৰক্ষীৰ লোকসকলে নিজৰ কৰ্মৰ পৰা অব্যাহতি লওক অন্যথা প্ৰাণ হেৰুৱাবলৈ সাজু হওক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here