প্ৰসংগঃ অবৈধ ব্যৱসায়! নগালেণ্ড,মাৰ্ঘেৰিটাৰ চালানত বৰাকত প্ৰবেশ মেঘালয়ৰ কয়লা !   

0
1176

NE INDIA: মাৰ্ঘেৰিটা, নগালেণ্ডৰ চালানত বৰাকত প্ৰবেশ মেঘালয়ৰ কয়লা। প্ৰতিদিনে অভিযোগ উঠিছিল যদিও, প্ৰমাণ পোৱা গল বৃহস্পতিবাৰে। বৃহস্পতিবাৰে কয়লা ভৰ্তি এখন ট্ৰাক আটক কৰে আৰক্ষীয়ে আৰু ইয়াতেই ওলাই পৰে জোলোঙাৰ মেকুৰি । দেখা গল মাৰ্ঘেৰিটাৰ চালানেৰে মেঘালয়ৰ পৰা ৰাষ্ট্ৰীয় পথেৰৰ আহিছিল ট্ৰাকখন । ।কয়লা বোজাই ট্ৰাক আটক কৰাৰ লগে লগে  কয়লা মাফিয়া সকলৰ তৎপৰাতা আছিল লক্ষণীয়। যিকোনো উপায়ে ট্ৰাকখন মোকলাই নিয়াৰ বাবে কৌশল ৰচনাত নামি পৰিল অবৈধ কয়লা মাফিয়া ‘লেদু’ নামৰ ব্যক্তিজন  । বহু চর্চিত কয়লা কেলেঙ্কাৰিকলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে CBI তদন্তৰ কথা  ঘোষণা কৰিলেও যেন গা লৰা নাই অবৈধ কয়লা ব্যৱসায়ীৰ । নিজৰ মন মৰ্জিত চলাই চলাই গৈছে ব্যৱসায় ।  প্রতিদিনে মেঘালয়ৰ পৰা অবৈধ ভাবে অনা কয়লাৰ প্ৰবেশ ঘটিছে বৰাকত । অভিযোগ একাংশ আৰক্ষীৰ পৰোক্ষ ছত্ৰছায়াতে এই ব্যৱসায় চলিছে । মোটা অংকৰ ধনৰ লেনদেনৰ জৰিয়তে মেনেজ ফর্মুলাত চলিছে এইবোৰ। অন্যথা অসম- মেঘালয় সীমান্তত আছে দুটাকৈ তালাচী চকী।  হঠাৎ কোনোবাদিনা  দুই এখন গাড়ী আটক কৰা হয় , যিসমুহ গাড়ীৰ গোপনীয় বুজাপৰা নাই । নিজক ক্লিনশ্বিট  দিবলৈ এই কাৰ্য কৰা হয় বুলি অভিযোগ একাংশৰ ।অবৈধ কয়লা ব্যৱসায়ৰ এই প্রক্রিয়াৰ মাজত নতুন সংযোজন হল নগালেণ্ড,মাৰ্ঘেৰিটাৰ চালান। নগালেণ্ড, মাৰ্ঘেৰিটাৰ চালানত বৰাকত প্ৰবেশ কৰিছে  মেঘালয়ৰ কয়লা। বিগত কেবাদিন ধৰি এই খবৰ ওলাই আছিলল। বৃহস্পতিবাৰে এইখবৰৰ সত্যতা প্ৰতিপন্ন কৰিলে । কাটিগড়া আৰক্ষীয়ে কয়লা বোজাই এখন ট্ৰাক সেইদিনা আটক কৰিলে । ছয় নম্বৰ ৰাষ্ট্ৰীয় পথৰ  হিলাড়াৰ পৰা ট্ৰাকখন আটক কৰে কাটিগড়া আৰক্ষীয়ে । বদৰপুৰ আৰক্ষীও আৰু বহু কেইখন কয়লা ভৰ্তি ট্ৰাক জব্দ কৰাৰ খবৰ  আহিছে।

(প্ৰণৱ মালাকৰ , কালইন Ne india )

LEAVE A REPLY

Please enter your comment!
Please enter your name here