প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম দিন উপলক্ষে হোজাইত চাফাই অভিযান

0
816
NE INDIA: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপজা দিন ৷ প্ৰধানমন্ত্ৰীজনৰ জন্মদিনটোতে হোজাই জিলা বিজেপি যুৱ মৰ্চাই সেৱা দিৱস উপলক্ষে লংকা ৰেলৱে ষ্টেচনত স্বচ্ছ অভিযান ৰূপায়ন কৰে ৷ বিজেপি যুৱমৰ্চাই ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত হাতে হাতে জাৰু লৈ পৰিস্কাৰ অভিযানত নামি পৰে | এই স্বচ্ছ অভিযানত লংকা ৰাজহ চক্ৰ বিষয়া ডা. গৰ্গমোহন দাসৰ লগতে লংকা পৌৰসভাৰ পৌৰপতি বিজু ভট্টাচাৰ্যইও অংশগ্ৰহন কৰে ৷ এই স্বচ্ছ অভিযানৰ পিছতে লংকা প্ৰাথমিক স্বাস্থ্য  কেন্দ্ৰত ৰোগীৰ মাজত ফলমূল বিতৰণ কৰাৰ লগতে শুভেচ্ছাবানী অংকন কৰি প্ৰধান মন্ত্ৰী জনাৰ জন্মদিনৰ শুভকামনা জ্ঞাপন কৰে৷
মুকছিদুল ইছলাম হোজাই NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here