Wednesday, May 24, 2023
HomeAssameseপ্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ সময়মতে সম্পূৰ্ণ নকৰিলে হিতাধিকাৰীৰ বিৰুদ্ধে লব আইনী ব্যৱস্থা

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ সময়মতে সম্পূৰ্ণ নকৰিলে হিতাধিকাৰীৰ বিৰুদ্ধে লব আইনী ব্যৱস্থা

পঞ্চায়ত দিৱস উপলক্ষে ST/SC হিতাধিকাৰীৰ মাজত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্তনৰ শুভাৰম্ভ কৰিলে দৰং জিলা উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাই ৷গৃহহীন লোক সকলক এটি চৰকাৰী গৃহ দিয়াৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধিনত যি আঁ‌চনিলোৱা হৈছিল সেই আঁ‌চনিৰ হিতাধিকাৰীক মঞ্জুৰীপত্ৰ প্ৰদান কৰিলে উপায়ুক্ত গৰাকীয়ে ৷ আঁ‌চনি অনুসৰি ৰাজ্যখনৰ প্ৰতিটো পঞ্চায়ত এলেকাত যাতে প্ৰতিজন ব্যক্তিয়ে আঁ‌চনিৰ সুফল লাভ কৰিব পাৰে তাৰবাবে সোমবাৰে পঞ্চায়ত দিৱসৰ দিনাই দৰং জিলা প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰিলে ৷টেঙাবাৰী গাওঁ পঞ্চায়ত সভা গৃহত জিলাখনৰ ৫ টা পঞ্চায়ত এলেকাৰ ST/SC হিতাধিকাৰীৰ মাজত আৱন্তিত ধন প্ৰদান অনুস্থানত উপস্থিত থাকিল জিলা পৰিষদৰ কাৰ্য্যবাহী অভিযন্তা ভৱেন বৰ্মন , সহকাৰী কৃষি উন্নয়ন বিষয়া বিপুল ডেকা, কলাইগাওঁ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰবিন বৰুৱাৰ লগতে পঞ্চায়ত এলেকাৰ ৰাইজ উপস্থিত থাকে ৷

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments