প্ৰধানমন্ত্ৰীৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আশংকা চোৰাংচোৱা সংস্থাৰ 

0
1018

 

National desk NEindia: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ১৪ ছেপ্তেম্বৰ শুক্ৰবাৰে ইন্দোৰ যাত্ৰা কৰিব ৷ তাত ব’হৰা সমাজৰ ৫৩নং ধৰ্মগুৰু বাঅ’জ(প্ৰৱচন)ত অংশগ্ৰহণ কৰিব ৷এই যাত্ৰা সংক্ৰান্তত প্ৰধানমন্ত্ৰী গৰাকীয়ে সেফী মজজিদত ৩০ মিনিট সময় ৰব ৷ইন্দোৰ যাত্ৰা সময়ত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই প্ৰধানমন্ত্ৰী মোদীৰ উপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা কৰা হৈছে ৷চোৰাংচোৱাৰ এক বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি প্ৰৱচনৰ সময়ত পেণ্ডলত মহিলাৰ বেশত সন্ত্ৰাসবাদী সোমাব পাৰে ৷ প্ৰথমৰ পৰা কটকটীয়া সুৰক্ষা ব্যৱস্থা কৰা হৈছিল যদিও  এই খবৰ পোৱাৰ পাছত নিৰাপত্তা ব্যৱস্থা আৰু অধিক কটকটীয়া কৰি তুলা হৈছে ৷আৰক্ষীয়ে প্ৰৱচনৰ পেণ্ডেলত প্ৰৱেশ কৰিবলগীয়া সকলো ব্যক্তিৰে তালাচী লবলৈ আৰম্ভ কৰিছে ৷ইন্দোৰৰ DIG হৰিনাৰায়ণচৰি মিশ্ৰই সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে যে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থা ৪ তৰপীয়া কৰা হৈছে ৷পেণ্ডলত প্ৰৱেশ কৰিবলৈ হলে চাৰি তৰপীয়া নিৰাপত্তা ব্যৱস্থা ভেদ কৰিহে সোমাব পাৰিব ৷প্ৰৱচনত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰত্যেকজন ব্যক্তিৰ উপৰত তীক্ষ্ণ দৃষ্টি ৰখা হব ৷আৰু যিটো পেণ্ডেলত এই প্ৰৱচন  কাৰ্যসূচী অনুষ্ঠিত কৰিব তাত জাৰ্মান টেক্নলজিৰ লেঞ্চৰ১২৫ টা কেমেৰা লগোৱা হৈছে ৷এই কেমেৰাৰ সহায়ত মানুহৰ ভৰিৰ নখলৈকে পৰ্যবেক্ষণ কৰিব পাৰিব ৷প্ৰধানমন্ত্ৰী অহা যোৱা কৰিব লগা ২০ মিনিট সময় তাত বিমান উৰণতো বাধা আৰোপ কৰা হৈছে বুলি DGP জনে প্ৰকাশ কৰে ৷আনহাতে ব’হৰা সমাজৰ ইতিহাসত পোনপ্ৰথম বাৰৰ বাবে প্ৰধানমন্ত্ৰী এজনে প্ৰৱচনত অংশগ্ৰহণ কৰিব ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here