প্ৰধানমন্ত্ৰীয়ে উৎসাহ যোগালে দেশৰ যুৱপ্ৰজন্মক

0
847

 

 

প্ৰধানমন্ত্ৰীয়ে উৎসাহ যোগালে দেশৰ যুৱপ্ৰজন্মক

national desk Ne india : সোমবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “নিউ ইণ্ডিয়া এনক্লেভ” ত দেশৰ যুৱশক্তিক উদ্দেশ্যি এক ভাষণ প্ৰদান কৰে ৷ মোদীয়ে কয় যে ভাৰত বিশ্বৰ ভিতৰতে দ্ৰুত গতিত আগবঢ়া অৰ্থনীতিৰ দেশ, মাথো পৰিবৰ্তনৰ বাবে প্ৰয়োজন হব প্ৰবল ইচ্ছাশক্তিৰ। ভাৰতৰ যুৱশক্তিৰ পৰিবৰ্তনৰ প্ৰবল ইচ্ছা আছে আৰু এই ইচ্ছাশক্তিয়ে ৰাষ্ট্ৰগঠনত অৰিহনা যোগাইছে ৷ দেশৰ যুৱশক্তিক আন ৰাষ্ট্ৰই ইৰ্ষাৰে চায় এই কথাও প্ৰকাশ কৰে ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাষন প্ৰসংগত আকৌ স্বৰ্ণ কন্যা হিমা দাসক উদ্দেশ্যি প্ৰশংসাসূচক মন্তব্যৰে কয় যে ভাৰতৰ যুৱশক্তিয়ে আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত লাভ কৰা সফলতাই দেশৰ যুৱপ্ৰজন্মৰ মাজত এক নতুন উদ্যম আনিছে ৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ বাবে যুজঁ কৰা বা দেশৰ বাবে নিজক সমৰ্পণ কৰাৰ বাবে অঙ্গীকাৰ লবলৈ যুৱ প্ৰজন্মক আহ্বান জনাই কয় যে যুজাঁৰ বা আত্মবলিদান দিয়াৰ সৌভাগ্য আমাৰ নহল কিন্তু দেশৰ বাবে কিবা এটা কৰাৰ সৌভাগ্য আমি পাইছো ৷ স্বাধীনতাৰ সেনানীয়ে দেখা এক সৰ্বাংগসুন্দৰ ভাৰতৰ সপোন আমি দিঠকত পৰিণত কৰিব লাগিব ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here