Friday, March 17, 2023
HomeAssameseপ্ৰধানমন্ত্ৰীক লৈ কংগ্ৰেছ নেতাৰ বিতৰ্কিত মন্তব্য

প্ৰধানমন্ত্ৰীক লৈ কংগ্ৰেছ নেতাৰ বিতৰ্কিত মন্তব্য

প্ৰধানমন্ত্ৰীক লৈ কংগ্ৰেছ নেতাৰ বিতৰ্কিত মন্তব্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক জাৰ্মানীৰ ক্ৰুৰ শাসক হিটলাৰৰ সৈতে তুলনা কৰি বিতৰ্কিত মন্তব্য আগবঢ়াইছে কংগ্ৰেছৰ এগৰাকী জেষ্ট্য নেতা । কংগ্ৰেছ নেতা সুবোধ কান্ত সহায়ে বিতৰ্কিত মন্তব্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক জাৰ্মানী একনায়কত্ববাদী ক্ৰুৰ শাসক হিটলাৰৰ সৈতে তুলনা কৰিছে । কংগ্ৰেছ নেতা সুবোধ কান্ত সহায়ে অগ্নিবীৰ আচঁ‌নি সম্পৰ্কত প্ৰধানমন্ত্ৰীক সাঙুৰি কয় , হিটলাৰেও এনেকৈ এক সংস্থা তৈয়াৰ কৰিছিল , সেনাৰ মাজতে এনে সংস্থা গঠন কৰিছিল হিটলাৰে ।
লগতে সুবোধ কান্ত সহায় এঢাপ আগুৱাই আৰু এক বিতৰ্কিত মন্তব্য কৰে ,মোডীয়ে হিটলাৰৰ দৰে আগবাঢ়িলে , মোডীৰ মৃত্যুও হিটলাৰৰ দৰে হব ।
কংগ্ৰেছ নেতাৰ এনে নিম্ন পৰ্যায়ৰ বিতৰ্কিত মন্তব্য দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
ইতিমধ্যে কংগ্ৰেছ দলে সুবোধ কান্ত সহায়ৰ মন্তব্যৰ পৰা নিজকে ফালৰি কটাইছে । কংগ্ৰেছ দলৰ প্ৰবক্তাৰ মন্তব্য , এয়া সুবোধ কান্ত সহায়ৰ ব্যক্তিগত মন্তব্য ।

National Desk , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments