প্ৰথম বাৰৰ বাবে গুৱাহাটী মহানগৰীত অনুষ্ঠিত যুৱ অলিম্পিক
গুৱাহাটী মহানগৰীত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া ‘অসম যুৱ অলিম্পিক’ আজিৰে পৰা আৰম্ভ হল। অসমৰ খেলুৱৈৰ লগতে গুৱাহাটী মহানগৰীৰ খেলুৱৈসকলো ব্যস্ত হৈ পৰিছে অনুশীলনত। অসম যুৱ অলিম্পিক খেলৰ বাবে গুৱাহাটী কাবাদী দলৰ পুৰুষ খেলুৱৈ সকলৰ নাম আনুষ্ঠানিকভাৱে কালি ঘোষণা কৰা হ’ল।গুৱাহাটী কাবাদী সন্থাৰ তৰফৰ পৰা আজাৰাস্থিত হাটখোৱাপাৰাৰ ঈদগাহ মৈদানত গুৱাহাটীৰ পুৰুষ কাবাদী খেলুৱৈসকলক ১৫ দিনীয়া প্ৰশিক্ষণ দি বৃহস্পতিবাৰে ১০ জন কাবাদী খেলুৱৈক আনুষ্ঠানিকভাৱে বাছনি কৰে।গুৱাহাটী কাবাদী দলৰ বাবে বাছনি হোৱা খেলুৱৈসকল ক্ৰমে আজাৰাৰ আমান আহমেদ, মিৰ্জানুৰ হুছেইন, ৰবিউল হক, ইফটীকাৰ হুছেইন, মকিবুৰ ৰহমান, মনোৱাৰ আলি, আচিক আলি, জাকিৰ আলি, ৰাহুল আলি আৰু চহিদুল ইছলাম। এইসকল খেলুৱৈক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈ তথা অভিজ্ঞ প্ৰশিক্ষক ৰেকিবুদ্দিন আহমেদ আৰু নিউটন আলিয়ে বিগত ১৫ দিন ধৰি আজাৰাৰ হাটখোৱাপাৰা ঈদগাহ মৈদানত প্ৰশিক্ষণ দিয়ে।
Sports Desk, Ne India News