Sunday, November 27, 2022
HomeAssameseপ্ৰথম বাৰ্ষিক সোকানি গাঁও ক্ৰীড়া সমাৰোহ

প্ৰথম বাৰ্ষিক সোকানি গাঁও ক্ৰীড়া সমাৰোহ

প্ৰথম বাৰ্ষিক সোকানি গাঁও ক্ৰীড়া সমাৰোহ

উঠি অহা নৱ-প্ৰজন্মক শাৰীৰিক আৰু মানসিক ভাৱে সৱল কৰা আৰু এখন নিকা সমাজ গঢ়ি তোলাৰ উদ্দেশ্যৰে তিনিচুকীয়া জিলাৰ সোকানি পটেশ্বৰী প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অসম খিলঞ্জীয়া সুৰক্ষা বাহিনী সোকানি শাখা সমিতি,সদৌ মৰাণ ছাত্ৰ সন্থাৰ সোকানি শাখা সমিতি আৰু সোকানি নবোদয় মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত লগতে সোকানি বাসী ৰাইজৰ সহযোগত যোৱা ইংৰাজী ৬ অক্টোবৰ তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা প্ৰথম বাৰ্ষিক সোকানি গাঁও ক্ৰীড়া সমাৰোহ খনি শনিবাৰে সফল সামৰণি পৰে।

বিভিন্ন ধৰণৰ খেল-ধেমালি,কণ-কণ লৰা-ছোৱালীৰ নাচ-গানেৰে এখন সুন্দৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। লগতে সোকানি গাঁও ক্ৰীড়া সমাৰোহ খনিৰ উদ্যোক্তা সমিতিৰ সভাপতি যুগল ফুকন আৰু সম্পাদক উমাকান্ত মৰাণে বৃহত্তৰ সোকানি গাঁও খনৰ উঠি নৱপ্ৰজন্ম বাবে গাঁও খনত এখন খেলপথাৰ নিৰ্মাণ কৰি দিবলৈ সংবাদমাধ্যমৰ যোগেদি চৰকাৰক অনুৰোধ জনায়।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments