প্ৰথম টি-২০ত অষ্ট্ৰেলিয়াক ১১ ৰান পৰাস্ত কৰিলে ভাৰতে

0
103

প্ৰথম টি-২০ত অষ্ট্ৰেলিয়াক ১১ ৰান পৰাস্ত কৰিলে ভাৰতে

ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা টি-২০ শৃংখলাৰ প্ৰথমখন মেচত অষ্ট্ৰেলিয়াক ১১ ৰান পৰাস্ত কৰিলে ভাৰতে।
অষ্ট্ৰেলিয়াই টছত জিকি ভাৰতক বেটিং কৰিব দিয়াত ভাৰতে ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৬১ ৰান কৰে। ভাৰতৰ হয় সবাধিক ৰান কৰে লোকেশ ৰাহুলৰ ৫১ আৰু ৰবীন্দ্ৰ জাদেজাৰ বিস্ফোৰক ৪৪(২৩) ৰান।

অষ্ট্ৰেলিয়ায়ো প্ৰথমাৱস্থাত ঠিকেই খেলি আছিল যদিও চাহাল আৰু টি নটৰাজনৰ বিধ্বংসী বলিঙত বেছি সময় ক্ৰিজত টিকিব নোৱাৰিলে অষ্ট্ৰেলিয়াই। ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৫০ ৰানতে সীমাবদ্ধ থাকিব লগা হয়। দলটোৰ আৰ্চি চৰ্ট ৩৪, ফিন্স ৩৫, হেনৰিক্স ৩০,ৰ সহায়ত মুঠ ১৫০ ৰান কৰে।

ভাৰতৰ চাহাল আৰু নটৰাজনে ৩টাকৈ উইকেট লাভ কৰাৰ লগতে দীপক চাহাৰে ১টা উইকেট লাভ কৰে। য়ুজবেন্দ্ৰ চাহালক মেন অৱ দ্য মেচ প্ৰদান কৰা হয়। তেওঁ ৪ অভাৰত ২৫ ৰানৰ বিনিময়ত ৩টা উইকেট লাভ কৰিছিল।
Sports Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here