প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা পাঞ্জাৱ চৰকাৰৰ

7

প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা পাঞ্জাৱ চৰকাৰৰ

দেখিবলৈ পোৱা যায় যে নিৰ্বাচনৰ সময়ত বিভিন্ন চৰকাৰে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। কিন্তু চৰকাৰ গঠনৰ লগে লগে পাহৰি যায় সকলো প্ৰতিশ্ৰুতি। কিন্তু নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পাহৰি নগ’ল পাঞ্জাব চৰকাৰে।২০২২-ৰ বিধান সভা নির্বাচনৰ সময়ত জুলাই মাহৰ পৰা পাঞ্জাৱত বিনামূলীয়া বিদ্যুৎ যোগানৰ কথা ঘোষণা কৰিছিল চৰকাৰখনে। আৰু সেই প্ৰতিশ্ৰুতি মৰ্মে ১ জুলাইৰ পৰাই পাঞ্জাৱত ঘৰে ঘৰে জনতাই লাভ কৰিব ৩০০ ইউনিট বিনামূলীয়া বিদ্যুৎ যোগান। পাঞ্জাৱ মুখ্যমন্ত্রী ভগৱন্ত মানে ঘোষণা কৰে এই কথা। চৰকাৰী সংগ্ৰহৰ পৰা ১৮০০ কোটি টকা ব্যয় কৰি যোগান ধৰা হ’ব এই বিদ্যুৎ। উল্লেখযোগ্য যে দিল্লীৰ পাছতে শুল্কহীন বিদ্যুৎ যোগান ধৰা পাঞ্জাৱ হৈছে দ্বিতীয়খন ৰাজ্য।

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here