প্ৰকৃতিৰ ৰম্যভূমি জক ভেলীত ভয়ংকৰ অগ্নিকাণ্ড!

0
128

প্ৰকৃতিৰ ৰম্যভূমি জক ভেলীত ভয়ংকৰ অগ্নিকাণ্ড!

উত্তৰ–পূর্বাঞ্চলত প্রথমবাৰ বনজুইৰ কবলত পৰিছে নাগালেণ্ড আৰু মণিপুৰ সীমান্তৰ জুক’ ভেলী৷ তিনি দিন ধৰি নাগালেণ্ডৰ জুক’ উপত্যকাত পাহাৰৰ উচ্চত বনজুয়ে সংহাৰী ৰূপ লৈছে।প্রাকৃতিক সৌন্দর্যৰে ভৰা জুক’ উপত্যকাত বনজুইয়ে ভয়াৱহ ৰূপত বৃদ্ধি পাইছে৷ তীব্র বেগী বতাহ আৰু দুর্গম অঞ্চলত সংঘটিত হোৱাৰ বাবে বন জুই নিয়ন্ত্রণ কৰিবলৈ সক্ষম হোৱা নাই।
এগৰাকী শীর্ষ বন বিষয়াই প্রকাশ কৰা মতে, জুক’ উপত্যকাত বসবাস কৰি থকা একাংশ গাঁওবাসীয়ে যোৱা ২৮ ডিচেম্বৰৰ পৰা নাগালেণ্ডৰ অঞ্চলত বনজুই প্রত্যক্ষ কৰে৷ পিছলৈ এই বনজুই মণিপুৰৰ অঞ্চলত প্রৱেশ কৰে৷
বনজুই নিয়ন্ত্রণৰ বাবে মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিঙে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে টেলিফোনিক বার্তালাপ কৰিছে৷

ইয়াৰ পূর্বেও ২০১৮ চনত এনেধৰণৰ বনজুই সংঘটিত হৈছিল৷ অৱশ্যে উক্ত সময়ত একাংশ বনাঞ্চল ধ্বংসকাৰীয়ে অগ্ণিসংযোগ কৰাৰ ফলত এই বনজুই সংঘটিত হৈছে৷

উত্তৰ–পূর্বাঞ্চলৰ নাগালেণ্ড আৰু মণিপুৰৰ সীমান্তত অৱস্থিত জুক’ উপত্যকা সাগৰ পৃষ্ঠৰ পৰা ২,৪৫২ মিটাৰ উচ্চতাত অৱস্থিত৷ এই উপত্যকাৰ বনাঞ্চল বিভিন্ন দুষ্প্রাপ্য ফলৰ প্রজাতিৰ বাবে বিখ্যাত৷
News Desk Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here