পোহৰলৈ আহিছে গোৰখনাথ মন্দিৰৰ আক্ৰমণকাৰী মুৰ্তাজাৰ সন্ত্ৰাসবাদীৰে সংযোগ

48

উত্তৰ প্ৰদেশৰ গোৰখপুৰস্থিত গোৰখনাথ মন্দিৰৰ বাহিৰত নিৰাপত্তাৰক্ষীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আহত কৰিছিল আহমেদ মুৰ্তাজা আব্বাচী নামৰ লোকজনে । পেচাত অভিযন্তা অভিযুক্ত মুৰ্তাজাৰ সন্ত্ৰাসবাদী সংগঠনৰে সংযোগ আছে বুলি প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে । এই তথ্য পোহৰলৈ অহাৰ পিচতে তদন্ত ৰ গতি ত্বৰাম্বিত কৰিছে চোৰাংচোৱা সংস্থা তথা প্ৰশাসনে । মুৰ্তাজাক গোৰখনাথ মন্দিৰ আক্ৰমণৰ বাবে সহায় আগবঢ়োৱা লোক সকলক চিনাক্ত কৰি তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে । ইতিমধ্যে মুৰ্তাজাৰ দুই সহযোগীক আটক কৰিছে আৰক্ষীয়ে । আটক মুৰ্তাজাৰ সহযোগী দুটাই মুৰ্তাজাক গোৰখনাথ মন্দিৰৰ পৰিসৰলৈ লৈ গৈছিল ।
মুৰ্তাজা সন্ত্ৰাসবাদী সংগঠন অঞ্চাৰ গজবাতুল হিন্দ নামৰ সংগঠনৰ সদস্য নেকি ? এই সম্পৰ্কত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । গোৰখপুৰ জিলাৰ আশেপাশে অভিযান চলায় আৰক্ষীয়ে ইতিমধ্যে কেবাটাও লোকক আটক কৰিছে । কুশিনগৰৰ পৰা ২ , সন্ত কবিৰনগৰৰ পৰা ১ আৰু মহাৰাজগঞ্জৰ পৰা দুজনক আটক কৰিছে আৰক্ষীয়ে ।

National Desk , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here