পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিয়ে ৰামটাঙোন সোধাইছে জনসাধাৰণক 

0
741
NEWS DESK NEINDIA: পৰিবৰ্তনৰ নামত ৰাজ্যত প্ৰতি দিনে  পেট্ৰ’ল–ডিজেলৰ মূল্য বৃদ্ধি কৰি সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ শোধাইছে কেন্দ্ৰীয় বিজেপি চৰকাৰে ৷ প্ৰেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিক লৈ দেশৰ লগতে ৰাজ্যৰ ভিন্ন ঠাইত জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও গা লৰা নাই ৰজা ঘৰীয়াৰ ৷ শণিবাৰে  দিনটোত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷ ৰাজ্যৰ কেইখনমান ঠাইত শণিবাৰে দিনটোত পেট্ৰ’ল আৰু ডিজেলৰ  মূল্য কিমান আমি চাওঁ আহক –
গুৱাহাটীত  প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৮২.৭৫ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম ৭৫.৮০ টকা। শিলচৰত প্ৰতিলিটাৰ পেট্ৰ’ল ৮২.৮১ টকা, প্ৰতিলিটাৰ ডিজেল ৭৫.৮৪ টকা। , গোলাঘাটত পেট্ৰ’লৰ দাম ৮২.৮৫ টকা, ডিজেলৰ প্ৰতিলিটাৰত দাম ৭৫.৯০ টকা, যোৰহাটত প্ৰতিলিটাৰ পেট্ৰ’ল ৮৩.১২ টকা, প্ৰতিলিটাৰ ডিজেলৰ দাম ৭৬.১৫ টকা,ডিব্ৰুগড়ত প্ৰতিলিটাৰ পেট্ৰ’লৰ ৮২.৫১টকা,ডিজেলৰ ৭৫.১৯ টকা,তিনিচুকীয়াত প্ৰতিলিটাৰ  পেট্ৰলৰ মূল্য ৮২.৭৫ টকা আৰু ডিজেলৰ মূল্য ৭৫.৭৬ টকা,নগাঁৱত  প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৮২.৮৫ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম ৭৫.৯০ টকা।কোকৰাঝাৰত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৮২.৮৫ টকা, প্ৰতিলিটাৰ ডিজেলৰ দাম ৭৫.৯০ টকা, ধুবুৰীত প্ৰতিলিটাৰ পেট্র’লৰ দাম ৮২.৯৮ টকা, প্ৰতিলিটাৰ ডিজেল ৭৬.০২ টকা, তেজপুৰত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৮৩ টকা, প্ৰতিলিটাৰ ডিজেলৰ দাম ৭৬.০১ টকা ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here