স্বাধীন অসমৰ সপোন লৈ ২০১১ চনত তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত তৰাণি গাঁওৰ পৰা আলফা স্বাধীনত যোগদান কৰিছিল চাৰি গৰাকি যুৱকে।চাৰিগৰাকী যুৱকে আলফা স্বাধীনৰ ম্যানমাৰ শিবিৰত উপস্থিত হোৱাৰ পিছত ফোন যোগে ঘৰলৈ জানিব দিছিল আলফা স্বাধীনত যোগদানৰ কৰা কথা। কিছু দিনৰ আগত আলফাৰ ম্যানমাৰস্থিত শিবিৰত কা’ আন্দোলনৰ সময়ত আলফাত যোগদান কৰা আছু নেতা বিজু গগৈৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ তিনিচুকীয়া জিলা খনতেই চাঞ্চল্য সৃষ্টি কৰি থকাৰ সময়তেই একেইটা অঞ্চলৰ পৰা আলফা স্বাধীনত যোগদান কৰা চাৰিগৰাকি কেডাৰৰ মৃত্যু হোৱা বুলি খবৰ উলোৱাৰ বাবে ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি,আলফা স্বাধীনৰ পৰা আত্মসমৰ্পন কৰা কেইবাগৰাকি কেডাৰৰ লগতে বিভিন্ন উৎসৰ পৰা যুৱক কেইজনৰ মৃত্যু হোৱা খবৰ পাই আহিছে কিন্তু এতিয়াও নিশ্চিত হব পৰা নাই পৰিয়ালৰ লোকে আলফা শিবিৰত মুত্যু হোৱা বুলি খবৰ আহি পৰা যুৱকদয় ক্ৰমে, পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত তৰাণী গাঁৱৰ সৰুকন দহোটীয়া ওৰফে মণ অসম,গম্ভীৰ মৰাণ ওৰফে আনন্দ অসম,সৰুকণ মৰাণ ওৰফে অৰুপ অসম আৰু ৰত্নেশ্বৰ দহোটীয়া ওৰফে ভাইজান অসম বুলি জানিব পৰা গৈছে পৰিয়ালৰ লোকে বিভিন্ন উৎসহৰ লগতে আলফা স্বাধীনৰ পৰা আত্মসমৰ্পন কৰা সদস্য সকলে জানিব দিয়া মতে কেইবাবছৰ আগতেই তিনি গৰাকী সদস্যক ম্যানমাৰ শিবিৰৰ পৰা পলাবলৈ চেষ্টা কৰা কাৰণে সতীৰ্থই মৃত্যু দণ্ড দিয়াৰ লগতে এগৰাকী সদস্য জণ্ডিচ ৰোগত আক্ৰান্ত হোৱা বুলি খবৰ আহি পৰিছে।যদি সঁচাই যুৱক কেইজনক মৃত্যু দণ্ড দিয়া হৈছে তেন্তে পৰিয়ালে খবৰটো নিশ্চিত কৰিবলৈ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালৰ লোকে।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News