Sunday, December 4, 2022
HomeAssameseপৃথিৱী ওলট পালট হৈ যাব পাৰে তথাপিও DAC'ৰ ২২ আসনতে বিজেপিৰ বিজয়...

পৃথিৱী ওলট পালট হৈ যাব পাৰে তথাপিও DAC’ৰ ২২ আসনতে বিজেপিৰ বিজয় নিশ্চিত: বিধায়ক ভূৱন পেগু

পৃথিৱী ওলট পালট হৈ যাব পাৰে তথাপিও DAC’ৰ ২২ আসনতে বিজেপিৰ বিজয় নিশ্চিত: বিধায়ক ভূৱন পেগু

দেউৰী পৰিষদৰ নিৰ্বাচনলৈ আৰু বেচি দিন নাই। ধেমাজি জিলাৰ ১০ নং চিচিবৰগাঁও সমষ্টিটোত অব্যাহত আছে নিৰ্বাচনী তৎপৰত।
দলীয় আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা। কালি সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী ভৱানী দেউৰীৰ চিলাপথাৰস্থিত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে জোনাইৰ বিধায়ক ভূৱন পেগুয়ে।

ফিটা কাটি দলীয় নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি বিধায়ক ভূৱন পেগুৱে কয়_ কেন্দ্ৰ,ৰাজ্য,পৌৰসভা সকলো বিজেপি দখলত আছে। উন্নয়নৰ স্বাৰ্থত ৰাইজে বিজেপিৰ লগত থাকিব লাগিব।

বৰ্তমান অসমত বিজেপিৰ কোনো প্ৰতিদ্বন্দী নাই বুলি মন্তব্য কৰি _পৃথিৱী ওলট পালট হৈ গলেও ৰাজ্যৰ ২২ টা সমষ্টিতে বিজেপি বিজয় নিশ্চিত বুলি দাবী জনায়।

উল্লেখযোগ্য যে ডি এ চিৰ ১০ নং চিচিবৰগাঁও পৰিষদীয় সমষ্টিত এইবাৰ মূঠ ভোটাৰ ২৮১৭ জন। পাঁচটা ভোটকেন্দ্ৰত চাৰিজন প্ৰাৰ্থীৰ ভাগ্য নিৰূপন কৰিব ভোটাৰ ৰাইজে।

সাংসদ প্ৰদান বৰুৱা,বিধায়ক ভূৱন পেগুৰ লগতে অনেক শীৰ্ষ বিজেপি নেতা কৰ্মীৰ ঘৰ এই সমষ্টিতে। চিচি বৰগাঁও সমষ্টিটোত বিজেপিৰ মান সন্মানৰ কথা জৰিত থকা নিৰ্বাচনত যিকোনো মূল্যৰ বিনিময়ত এই গুৰুত্বপূৰ্ণ সমষ্টি দখলৰ চেষ্টা চলাব বিজেপিয়ে। পিছে ৰাইজে কাক সমৰ্থন দিব সেয়া নিৰ্বাচনৰ দিনাহে ষ্পষ্ট হ’ব।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments