পুৱাই ভূমিকম্পই জোকাৰি গ’ল উত্তৰ পূৰ্বাঞ্চল

0
93

পুৱাই ভূমিকম্পই জোকাৰি গ’ল উত্তৰ পূৰ্বাঞ্চল

দেওবাৰে পুৱাই ভূমিকম্পই জোকাৰি গ’ল উত্তৰ পূৰ্বাঞ্চল।পুৱা ৮.২৯ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।ভূমিকম্পৰ প্ৰাৱল্য আছিল ৪.৫।ভূমিকম্পটোৰ অভিকেন্দ্ৰ নগালেণ্ডৰ ৰাজধানী চহৰ কোহিমাৰ পৰা ৮৮ কিলোমিটাৰ দূৰত্বৰ টুৱেনচাঙৰ সমীপত।ভূমিকম্পটোৱে নাগালেণ্ডৰ টুৱেনচাং মুক’কচাং, জুনহেব’ত’, ৱাখা আৰু কোহিমাসহ অসমৰ মৰিয়ণি, যোৰহাট, শিৱসাগৰ আদিকো জোকাৰি যায়।ভূমিকম্পৰ ফলত কোনা ধৰণৰ ক্ষয়-ক্ষতিৰ বাতৰি অহা নাই।
যোৱা ১৪ নৱেম্বৰতো দিনৰ ভাগত এক মৃদু ভূমিকম্পই জোকাৰি গৈছিল গুৱাহাটীকে ধৰি ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলক।অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সঘনাই হৈ থকা ভূমিকম্পই স্বাভাৱিকতে জনসাধাৰণ শংকিত হৈ পৰিছে ।

News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here