পুনৰ ৫ দিনৰ বাবে বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’প ৱে’ সেৱা
পুনৰ বন্ধ হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’প ৱে’সেৱা।৫ দিনৰ বাবে বন্ধ থাকিব এই গুৱাহাটীৰ ৰ’প ৱে’ সেৱা। জি এম ডি এয়ে শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছে।ব্ৰহ্মপুত্ৰৰ ওপৰৰ এই ৰ’প ৱে’ ব্যৱস্থা ৭ডিচেম্বৰৰ পৰা ১১ডিচেম্বৰৰলৈ বন্ধ থাকিব বুলি প্ৰকাশ কৰিছে জি এম ডি এয়ে।
মেৰামতিৰ বাবে উক্ত দিনকেইটাত নচলে ৰ’প ৱে’। তাৰ বাবে যাত্ৰীসকলে যাতায়ত কৰিব নোৱাৰিব ৰ’প ৱে’ৰ জৰিয়তে
News Desk, Ne India