পুনৰ যুদ্ধবিৰতি চুক্তি উলংঘন পাকিস্তানী সেনাৰ

0
1006
NATIONAL DESK NE INDIA : পাকিস্তানী সেনাই পুনৰবাৰ যুদ্ধ বিৰতি চুক্তি উলংঘন কৰে । Line of Controlত পুনৰবাৰ গুলীবৰ্ষণ কৰে পাকিস্তানী সেনাই । তথ্য অনুসৰি সোমবাৰে পুৱাৰে পৰা ৰাজোৰীত অব্যাহত আছে এই সংঘৰ্ষ । জম্মু-কাশ্মীৰত পাক সেনাই গুলীবৰ্ষণ কৰি পুনৰ সংঘৰ্ষবিৰাম উলংঘন কৰে পাকিস্তানে ।
ৰাজোৰী জিলাৰ নোশেৰা চেক্টৰত পাকিস্তানী সেনাই সৃষ্টি কৰা এই সংঘৰ্ষত ভাৰতীয় সেনাইও প্ৰত্যুত্তৰ দিবলৈ সক্ষম হয় । সোমবাৰে পুৱাৰেপৰা অব্যাহত পৰিস্থিতি পৰিদৰ্শনৰ পাছত স্থানীয় প্ৰশাসনে ৫ কিলোমিটাৰৰ অন্তৰ্গত সকলোবোৰ স্কুল বন্ধ কৰি দিয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here