পুনৰ মুকলি কৰা হব গণেশগুৰিৰ উৰণীয়া সেতুৰ তলৰ পাৰ্কিং

0
736

 

 

পুনৰ মুকলি কৰা হব গণেশগুৰিৰ উৰণীয়া সেতুৰ তলৰ পাৰ্কিং
Newsdesk neindia
সুদীৰ্ঘ ১০ বছৰ  পাছত গণেশগুৰিৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা উৰণীয়া সেতুৰ তলৰ পাৰ্কিং ব্যৱস্থা পুনৰ মুকলি কৰাৰ সিদ্ধান্ত লৈছে  GMC কৰ্তৃপক্ষই ৷ ২০০৮ চনৰ ৩০ জানুৱাৰীৰ গণেশগুৰিৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ পাছৰ পৰা ফেন্সীংৰে বন্ধ কৰি ৰখা হৈছিল সেতুৰ তলৰ পাৰ্কিং ব্যৱস্থা ৷ যাৰ ফলত জনসাধাৰণৰ গাড়ীৰ পাৰ্কিংৰ ক্ষেত্ৰত বহুতো অসুবিধাৰ  সন্মুখীন হবলগীয়া হৈছিল  ৷ এই অসুবিধা সমূহ দুৰ কৰিবৰ বাবেই GMC কতৃপক্ষই পুনৰ মুকলি কৰিবলৈ লৈছে সেতুৰ তলৰ পাৰ্কিং ব্যৱস্থা ৷ বৰ্তমান এই ওৰণীয়া সেতুৰ তলৰ ফেন্সীং সমূহ এৰোৱাই দিয়া হৈছে আৰু GMC কতৃপক্ষই জনাইছে যে অতি সোনকালে জনসাধাৰণৰ কাৰণে মুকলি কৰি দিয়া হব গণেশগুৰি ফ্লাই অভাৰৰ তলৰ পাৰ্কিং ব্যৱস্থা ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here