Thursday, March 30, 2023
HomeAssameseপুনৰ আৰম্ভ হব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱা

পুনৰ আৰম্ভ হব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱা

পুনৰ আৰম্ভ হব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱা

পুনৰ আৰম্ভ কৰা হ’ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা। কাইলৈৰ পৰা অৰ্থাৎ ২৫ জুন শনিবাৰৰ পৰা এই ফেৰীসমূহ আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে আভ্যন্তৰীণ জল পৰিৱহণ বিভাগে। লগতে গুৱাহাটীৰ প্ৰতিটো ঘাটতে এই ফেৰী সেৱা নিয়মীয়াকৈ চলাচল কৰিব বুলি জানিব দিয়ে। ফেনে-ফুটুকাৰে বৃদ্ধি পোৱা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ বাবে বন্ধ ৰাখিব লগীয়া হৈছিল ফেৰী সেৱা।শেহতীয়াকৈ যোৱা দুদিনত প্ৰখৰ ৰ’দৰ বাবে জলপৃষ্ঠ কিছু হ্ৰাস পোৱাত ফেৰী সেৱা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে আভ্যন্তৰীণ জল পৰিৱহণ বিভাগে। শনিবাৰে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ চলিব এই ফেৰী সেৱা।

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments