পুত্ৰ সাংবাদিক , মাতৃক এৰিলে পথত

0
978

 

 

পুত্ৰ সাংবাদিক , মাতৃক এৰিলে পথত
এক হৃদয়বিধাৰক ঘটনা । জন্মদাত্ৰী মাতৃক পথত অসহায় অৱস্থাত পেলায় পুত্ৰ পলায়ন । ঘটনা ত্ৰিপুৰাৰ কল্যাণপুৰৰ ।
অসহায় মহিলা গৰাকী শুক্লা ভট্টচাৰ্য কল্যাণপুৰ বাজাৰ অঞ্চলৰ বাসিন্দা । মহিলা গৰাকী মানসিক ৰোগী । পুত্ৰ বিধান ভট্টচাৰ্য পেচাত এগৰাকী সাংবাদিক । বিধান ভট্টচাৰ্যৰ চুবুৰীয়াৰ ভাষ্য মতে , পুত্ৰ বিধানে প্ৰায়ে অনাহাৰে ৰাখিছিল মাতৃ শুক্লা ভট্টচাৰ্যক ।
শনিবাৰে আগৰতলা ,শিলচৰ ৰেলত মাতৃক  বলপুৰ্বক উঠাই দি পলায়ন কৰিছিল পুত্ৰ বিধান ভট্টচাৰ্যই । পিচত চুৰাইবাড়ি  সেলটেক্স অঞ্চলৰ ৰাইজে শুক্লা ভট্টচাৰ্যক অৰ্ধউলংগ অৱস্থাত উদ্ধাৰ কৰে । স্থানীয় ৰাইজে , আৰক্ষীৰ সহযোগত স্নান আদি কৰায় লজ্জা নিবাৰণৰ ব্যৱস্থা কৰি দিয়ে । মহিলাগৰাকীয়ে  সমস্থ ঘটনা খোলোচাকৈ অৱগত কৰিছে , আৰক্ষী তথা স্থানীয় ৰাইজক । বৰ্তমান চুৰাইবাড়ি আৰক্ষীয়ে যোগাযোগ অব্যাহত ৰাখিছে সাংবাদিক পুত্ৰ বিধান ভট্টচাৰ্য্যৰে ।

https://youtu.be/VVZCfmMFfEo?t=4

(প্ৰণত কুমাৰ চান্দ , ত্ৰিপুৰা Ne india )

LEAVE A REPLY

Please enter your comment!
Please enter your name here