পাথাৰকান্দিত ৮ নম্বৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম আৰম্ভ

0
140

পাথাৰকান্দিত ৮ নম্বৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম আৰম্ভ

গড়কাপ্টানি মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৰিদর্শনৰ চাৰিদিন পাছতেই পাথাৰকান্দিৰ বিধ্বস্থ ৰাষ্ট্ৰীয় ঘাইপথত কাম আৰম্ভ কৰিলে নতুন ঠিকাদাৰ সংস্থায় । কামত হেমাহি পৰিলক্ষিত হোৱা বাৱে পূৰ্বতে কামৰ আবন্টন পোৱা ঠিকাদাৰ সংস্থাক বৰখাস্ত কৰে । তাৰপিচতে মৌখিকভাৱে অন্য ঠিকাদাৰক কামৰ আৱন্টন দিয়া হৈছিল । বুধবাৰৰ পৰাই সংস্থাটোৱে আৰম্ভ কৰে মেৰামতিৰ কাম ।যোৱা শুকুৰবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কৰিমগঞ্জত উপস্থিত হৈয়ে পাথাৰকান্দিত থকা অসম-ত্ৰিপুৰা ৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৭ কিলোমিটাৰ অংশ পৰিদৰ্শন কৰে । ইয়াৰ চাৰিদিন পাছতেই আশাৰ পোহৰ দেখিবলৈ পায় পাথাৰকান্দিবাসীয়ে। জৰাজীৰ্ণ ঘাইপথৰ নৰক যন্ত্ৰনাৰ পৰা কিছুদিনৰ ভিতৰেতে পৰিত্রাণ পাব পাথাৰকান্দিৰ ৰাইজে । মন্ত্ৰীৰ নিৰ্দেশত তামিলনাড়ুৰ ঠিকাদাৰ সংস্থা আৰপিপি ইন্ফ্রাৰ কামত লেহেমিয়া গতি আৰু গাফিলতিৰ বাৱে বৰখাস্ত কৰা হৈছিল মংগলবাৰে । মন্ত্ৰীগৰাকীয়ে মৌখিক আলোচনাৰে স্থানীয় ঠিকাদৰ সংস্থা বিন্নি কনষ্ট্রাকচনক কাম কৰিবলৈ নিৰ্দেশ দিয়ে । সেই অনুসৰি বুধবাৰৰ পৰা যন্ত্রপাতি লৈ পাথাৰকান্দিত উপস্থিত হয় বিন্নি কনষ্ট্রাকচনৰ মালিক বাদল পাল সহ কোম্পানীৰ আন আন বিষয়ববিয়া । সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পালে চক্ৰ বিযয়া, থানাৰ বিযয়াসহ পাথাৰকান্দি চহৰ পৰিদৰ্শন কৰি ঘাইপথটোৰ জৰাজীৰ্ণ অবস্থা উভতাই আনিবলৈ তাৎক্ষনিকভাবে কৰনীয় বিষয়ে অবগত কৰায়। লগতে বহুলোকে অনৈতিকভাৱে পথৰ ভূমি দখল কৰি ঘাইপথৰ ওপৰত নিজৰ বিল্ডিং সম্প্ৰসাৰিত কৰাসকলক উচ্ছেদ কৰাৰ বাৱে চক্ৰবিষয়াক নিৰ্দেশ দিয়ে ।

https://youtu.be/Ulte9UbauwI?t=3

TAPAN KUMAR ROY,KARIMGANJ, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here