পাথাৰকান্দিত উস্ম আদৰণি মিষ্টাৰ কামৰূপ 2020 বিজয়ী বিপ্লৱ সিনহাক
পাথাৰকান্দি বাসী ৰাইজে উস্ম আদৰণি জনাই মিষ্টাৰ কামৰূপ 2020 বিজয়ী বিপ্লৱ সিনহাক।
শৰীৰ চৰ্চা এতিয়া একাংশ যুৱ প্ৰজন্মৰ বাবে যথেষ্ট জনপ্ৰিয়তা । শৰীৰ চৰ্চা কেৱল চহৰ অঞ্চলতে যেন সীমাবদ্ধ নহয় ইয়াৰ প্ৰমাণ দাঙি ধৰিলে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ যুৱক বিপ্লৱ সিনহাই ।
২৮ নবেম্বৰত গুৱাহাটীত অনুষ্ঠিত হোৱা মিষ্টাৰ কামৰূপ 2020 ৰ প্ৰতিযোগিতাত সকলো প্ৰতিযোগীক চেৰ পেলাই
৭০কেজিৰ বিভাগত স্বৰ্ণ পদক লাভ কৰি মিষ্টাৰ কামৰূপৰ খিতাপ জয় কৰে বিপ্লৱ সিনহাই।
মিষ্টাৰ কামৰূপৰ খিতাপ জয় লাভ কৰা বিপ্লৱ সিনহা আজি আহি উপস্থিত হয় নিজ গাঁওত ।তাৰ পাছতে এক উসৱ মুখৰ পৰিৱেশ বিৰাজ কৰে পাথাৰকান্দিত।
তপন কুমাৰ ৰয়,পাথাৰকান্দি,Ne India