পাথাৰকান্দিত আটক দুই অপহৰনকাৰী

0
168

পাথাৰকান্দিত আটক দুই অপহৰনকাৰী

ভুৱা চিবিআই সাজি চৰকাৰী কৰ্মচাৰীক অপহৰন কৰাৰ চেষ্টা চলোৱা দুই যুৱকক আটক কৰিবলৈ সক্ষম হৈছে পাথাৰকান্দি আৰক্ষীয়ে । আৰক্ষীৰ হাতত আটক হোৱা যুৱক দুজন বদৰপুৰ থানাৰ অন্তৰ্গত ভাংগা এলেকাৰ নুমান উদ্দিন আৰু মুজিবুৰ ৰহমান । যোৱা ১২ অক্টোবৰ নিশা এৰালীগুল এলেকাৰ চৰকাৰী কৰ্মচাৰী ৰজত গোস্বামীৰ ঘৰত তিনিজন যুৱকৰ দল এটাই চিবিআই পৰিচয় দি ঘৰত প্ৰবেশ কৰি নগদ ধন আৰু সোনৰ অলংকাৰ লুটি নিয়াৰ লগত পিস্তল দেখুৱাই ৰজত গোস্বামীক অপহৰণ চেষ্টা চলাইছিল যদিও ওচৰ চুবুৰীয়াৰ তৎপৰতাত তিনিজনৰ মাজত এজন যুৱকক আটক কৰা হৈছিল যদিও আন দুজন পলাই যাবলৈ সক্ষম হৈছিল । অবশেষত আন দুই অপহৰনকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়

https://youtu.be/fVpPkUHs3n8

পাথাৰকান্দি,তপন কুমাৰ ৰয়,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here