পাক-অধিকৃত কাশ্মীৰ আৰু ভাৰতৰ মনোভাৱঃ

0
473

পাক-অধিকৃত কাশ্মীৰ আৰু ভাৰতৰ মনোভাৱঃ

স্বাধীনতা আৰু বিভাজনৰ সময়ৰে পৰা কাশ্মীৰ প্ৰসংগত ভাৰতে যথেষ্ট বিপত্তি ভূগি আহিছে। সীমান্তৰ অতি উচ্চতা আৰু শীতৰ সৈতে মোকাবিলা কৰোঁতে ভাৰতীয় সৈন্যবাহিনীৰ অধিক সময় আৰু খৰচ ব্যয় হৈছে। পাকিস্তানৰ লগত দুখনকৈ যুদ্ধ, যোৱা সময়ত উগ্ৰপন্থীৰ লগত সংঘৰ্ষৰ ফলত ভাৰতৰ কিমান ক্ষতি হৈছে তাৰ কথা কাৰো অবিদিত নহয়। শেহতীয়াকৈ কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৫০ অৱলুপ্তি কৰণৰ ক্ষেত্ৰত ভাৰতে চুবুৰীয়া দেশৰ পৰা যথেষ্ট সমালোচনা সহ্য কৰিব লগীয়া হৈছে। তাতকৈ ডাঙৰ কথা আমাৰ দেশৰ বহুতো ৰাজনৈতিক নেতা আৰু ছাত্ৰ সংগঠন এই ৩৫০ অনুচ্ছেদ অৱলুপ্তিৰ প্ৰতিবাদত সৰৱ হৈ পৰিছে । তাৰ চোক এতিয়াও মাৰ যোৱা নাই। ফ্ৰী কাশ্মীৰ বিচাৰি আজি পৰ্য্যন্ত ৰাজ পথত প্ৰদৰ্শন অব্যাহত আছে।
মাজে মাজে উদ্ভৱ হোৱা সম্ভাৱনা এটা হৈছে – ভাৰত পাকিস্তানৰ যুদ্ধ। ভাৰতে পাক-অধিকৃত কাশ্মীৰ দখল কৰাৰ অভিলাষ।
চাবলৈ গ’লে ভাৰতৰ বাবে এয়া শক্তি প্ৰদৰ্শনৰ আৰু গৌৰৱৰ কথা। ইতিমধ্যে সামৰিক শক্তিৰে ভাৰত বলীয়ান। বিভিন্ন প্ৰকাৰৰ অস্ত্ৰ-শস্ত্ৰৰে বৰ্তমান সময়ত ভাৰত বিশ্বৰ এক মহা শক্তি। কিন্তু বৰ্তমানৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনসাধাৰণৰ বাবে এই শক্তিতকৈ জীৱিকা আৰু অৰ্থনৈতিক স্বচ্ছলতা অধিক প্ৰয়োজনীয়। ক’ব পাৰি, বৰ্তমানৰ চৰকাৰে জনসাধাৰণৰ বাবে বহুতো নতুন আঁচনি প্ৰস্তুত কৰিছে। তাৰ ভিতৰত – আত্ম সহায় গোটক চাবচিডি, আৰ্থিক সাহাৰ্য্য, উজালা যোজনা, স্নাতক পৰ্যায়ত ফ্ৰী এডমিশ্যন, ফ্ৰী কিতাপ, উজলা যোজনা, এটকীয়া চাউল, চাহ বাগিছাৰ লোকৰ বাবে ফ্ৰী চাউল-চেনী, ইত্যাদি ইত্যাদি । এইবোৰ কৰিবলৈ যাওঁতে চৰকাৰী ধনৰ এক বৃহৎ অংশ খৰচ হৈছে। তাৰ বিপৰীতে মানুহৰ কাম কৰাৰ প্ৰৱণতা হ্ৰাস পাইছে। মেন পাৱাৰৰ অপচয় হৈছে। ফলত চৰকাৰে ভৱিষ্যতে কৰ্ম বিমুখ ভাৰত এখন সৃষ্টি কৰিবলৈ গৈ আছে। সেয়া অন্য কথা।
মূল কথা হৈছে – ভাৰতে যদি পাকিস্তান অধিকৃত কাশ্মীৰ দখল কৰে, তাত ভাৰতৰ কোনো লাভ আমি দেখা নাই। পৃথিৱীৰ দেশবোৰৰ বন্ধুত্ব আমাৰ বাবে কিমান গভীৰ সেয়া নাজানোঁ যদিয়ো, অতিসম্প্ৰতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কাশ্মীৰ প্ৰসংগত মধ্যস্থতাৰ বাবে পুনৰ দেখা দিয়া আগ্ৰহে অন্য ছবি এখনহে মনলৈ আনে। সেইবোৰ হৈছে সদাগৰ। ভাৰত-পাকিস্তানৰ যুদ্ধই  বা ভাৰত- পাকিস্তানে ক্ৰয় কৰা অস্ত্ৰ-শস্ত্ৰই কাক ধনী কৰিছে সেয়া নকলেও হ’ব।
আমাৰ সন্দেহ নাই, ভাৰতে পাকিস্তানক ঘাটে ঘাটে পানী খুৱাব। কিন্তু  পাক অধিকৃত কাশ্মীৰ দখল কৰাৰ লগে লগে ভাৰতীয় মানুহেই যে প্ৰথম বিৰোধ কৰিব সেয়া নিশ্চিত। তাৰ পিছত আহিব আন্তৰ্জাতিক বিৰোধ। এই সকলো বাদ দিয়াৰ পিছতো সেই অঞ্চলটোৰ উন্নয়নৰ বাবে দেশৰ অৰ্থনীতিত গভীৰ প্ৰভাৱ পৰিব। ” সব কা চাথ চব কা বিকাশ” কৰিবলৈ যাওঁতে কেৱল সেই অঞ্চলটোৰ পৰিবহন, শিক্ষা, প্ৰশাসন, ৰাজ সাহাৰ্য, চৰকাৰী চাকৰি – সকলোকে মিলাই তাৰ ভাঙি যোৱা আৰ্থিক স্থিতি পুনৰ গঢ়িবলৈ ভাৰতে বহু পৰিমাণে পূঁজি নিবেশ কৰিব লাগিব। তাৰ পিছতো কিন্তু তাত বিচ্ছিন্নতা বাদী, ভাৰত বিৰোধী কাম কাজ শেষ নহ’ব। তাৰ উদাহৰণ – আজিৰ কাশ্মীৰক লৈ যিবোৰ ঘটি আছে, সেইবোৰ উদাহৰণেই যথেষ্ট।
গতিকে, মোডী চৰকাৰক ক’ব বিচাৰোঁ – চিন্তা কৰি আগবঢ়া উচিত।
আৰ কে বেজবৰুৱা, ৰঙাপৰা

LEAVE A REPLY

Please enter your comment!
Please enter your name here