পাকিস্তানত নিযুক্ত হ’ল  প্ৰথম মহিলা মুখ্য ন্যায়াধীশ

0
1154
INTERNATIONAL DESK NE INDIA: প্ৰথমবাৰৰ কাৰণে পাকিস্তানৰ উচ্চ ন্যায়ালয়ত নিযুক্তি লাভ কৰিলে এগৰাকী মহিলাই ৷ মহিলা মুখ্য ন্যায়াধীশ গৰাকীৰ নাম তাহিৰা সফদৰ ৷ নৱ নিযুক্ত মহিলা ন্যায়াধীশ তাহিৰা সফদৰে বেলুচিস্তানৰ ৰাজভৱনত আয়োজিত এক অনুষ্ঠানত বেলুচিস্তানৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শনিবাৰে শপত গ্ৰহণ কৰে ৷ অন্যহাতে ১৯৮২ চনত তাহিৰা সফদৰে বেলুচিস্তানৰ প্ৰথম মহিলা ন্যায়াধীশ হিচাপে ইতিহাস ৰচিছিল ৷ সম্প্ৰতি বেলুচিস্তান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মহম্মদ নুৰ মেচকানজাইয়ে অৱসৰ লোৱাৰ পিছত তাহিৰা সফদৰে নিযুক্তি লাভ কৰে মুখ্য ন্যায়াধীশ হিচাপে ৷ উল্লেখ্যযোগ্য যে প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ বিৰুদ্ধে দেশদ্ৰোহৰ যি অভিযোগ আছিল সেই সন্দৰ্ভত বিচাৰ কৰা তিনিজনীয়া বিশেষ আদালতৰ অন্যতম সদস্য আছিল পাকিস্তানৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ তাহিৰা সফদৰ ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here