পাকিস্তানত উদ্ধাৰ হিন্দু মন্দিৰৰ অৱশিষ্ট

0
103

পাকিস্তানত উদ্ধাৰ হিন্দু মন্দিৰৰ অৱশিষ্ট

পাকিস্তানত উদ্ধাৰ হৈছে ১৩০০ বছৰ পুৰণি ভগৱান বিষ্ণুৰ মন্দিৰৰ অৱশিষ্ট ।
উত্তৰ-পশ্চিম পাকিস্তানৰ চাৱাট জিলাত পাকিস্তানী আৰু ইটালিয়ান প্ৰত্নতত্ত্ববিদ সকলে ভগ্নাবেশ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ইটালীয়ান প্ৰত্নতাত্ত্বিক প্ৰকল্পৰ প্ৰধান ড০ লুকাই জনোৱা মতে পাকিস্তানৰ চাৱাট জিলাত আবিস্কাৰ কৰা এইটো গান্ধাৰা সভ্যতাৰ প্ৰথমটো মন্দিৰ।এই মন্দিৰটো হিন্দু চাহী বংশৰ সময়ত নিৰ্মাণ কৰা হৈছিল বুলি বিশেষজ্ঞ সকলে উল্লেখ কৰে।
খনন কাৰ্য্যৰ সময়ত প্ৰত্নতত্ত্ববিদ সকলৰ দলটোৱে মন্দিৰটোৰ ওচৰত সেনা চাউনী আৰু প্ৰহৰীৰ নিদৰ্শনো লাভ কৰে।
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here