পশ্চিমবংগত NRCৰ প্ৰস্তুতি

0
828

NATIONAL DESK NE INDIA : অসমৰ পিছত এইবাৰ পশ্চিমবংগত NRC লাগু কৰাৰ অভিযান আৰম্ভ কৰিছে RSSএ। RSSৰ মতে বাংলাভাষী হিন্দুৰ সুৰক্ষাৰ বাবে পশ্চিমবংগত NRCৰ অতি প্ৰয়োজন। RSSৰ ৰাজ্য সচিব জিষ্ণু বাসুয়ে কয় যে – পশ্চিমবংগত NRC আৰু নাগৰিকতা বিধেয়কে হ’ব বাংলাভাষী হিন্দুসকলৰ সুৰক্ষা। বিশেষ সূত্ৰ অনুসৰি সংঘৰ প্ৰচাৰকসকলে পশ্চিমবংগৰ সীমান্তৱৰ্তী জিলাসমূহৰ পৰা NRCৰ সমৰ্থনৰ বাবে জনসমৰ্থন গোটাবলৈ আৰম্ভ কৰিছে। নাগৰিকত্ব সংশোধনী বিলৰ প্ৰয়োজনীয়তা প্ৰসংগত জিষ্ণু বাসুয়ে কয় যে – এইটো সেইসকল বঙালী হিন্দুৰ বাবে প্ৰয়োজনীয়, যিসকলে বাংলাদেশত চলি থকা অত্যাচাৰৰ বাবে ভাৰতত আহিবলৈ বাধ্য হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here