Saturday, March 25, 2023
HomeAssameseপঢ়া-শুনা এৰি প্ৰতিবাদত বহিল বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰী

পঢ়া-শুনা এৰি প্ৰতিবাদত বহিল বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰী

“নচলিব নচলিব অৱহেলা নচলিব, লাগিবই লাগিবই আমাক দলং লাগিবই” বিদ্যালয়ৰ পাঠ দান এৰি এজাক কণ কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰী নামিল প্রতিবাদত,এখন জহি খহি যোৱা ভগ্ন দলঙৰ সমীপতে ছাত্ৰ-ছাত্ৰীৰ এই প্ৰতিবাদ।

মাৰ্ঘেৰিটা সমষ্টিৰ বৰডুমচা কানাই পথাৰ আৰু কৰিয়াজান সংযোগী একমাত্ৰ পথ চোৱাত ডিব্ৰুনৈৰ ওপৰেদি যোৱা এখন ভগ্ন দলঙক লৈ বছৰ বছৰ ধৰি জিয়াটো ভুগি আহিছে সেই অঞ্চলৰ ৰাইজৰ লগতে স্কুলীয়া ছাত্র-ছাত্ৰী সকলে ।

বাৰিষা কালত এনেদৰে পানীৰে ডুব যায় এই দলঙৰ অংশ,যাৰ ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলে দলং খন পাৰ হৈ বিদ্যালয়লৈ অহা যোৱা কৰোঁতে বহুতো দুৰ্ঘটনা সংঘঠিত হৈ আহিছে, সেয়েহে মাৰ্ঘেৰিটা সমষ্টিৰ স্থানীয় জনপ্ৰতিনিধি ভাস্কৰ শৰ্মাৰ দৃষ্টি নপৰা এই দলং খন শীঘ্ৰে নিৰ্মাণৰ দাবীত এতিয়া কৰিয়াজান বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰী সকলে এনেদৰে প্ৰতিবাদ মুখৰ হৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments