পঞ্চায়াতত হোৱা দুৰ্নীতিৰ অভিযোগক নাকচ ভৈৰৱনগৰ গাওঁ পঞ্চায়তৰ সভাপতিৰ
কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ ৰামকৃষ্ণনগৰ উন্নয়ন খণ্ডৰ ভৈৰৱনগৰ গাঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল । এই অভিযোগ পোনচাতে নাকচ কৰিলে ভৈৰৱনগৰ গাঁও পঞ্চায়তৰ সভাপতি শশাঙ্ক শেখৰ দাসে। সভাপতি শশাঙ্ক শেখৰ দাস এক সাংবাদ মেলৰ জৰিয়তে জনায়, চৰকাৰী আচঁনিৰ কাম , চৰকাৰী নিয়মমতে চলি আহিছে । উন্নয়নৰ কাজকাম দেখি বহু লোকে সহ্য কৰিব পৰা নাই । সেইসকলে গাঁও পঞ্চায়ত খনৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰি গাঁও পঞ্চায়তৰ বদনাম কৰাৰ চেষ্টা চলাইছে।
হীৰক বণিকে , ৰামকৃষ্ণনগৰ , Ne India News