হামাৰা আচাম লাংৰা হ’ গেয়া হে আপ উচ্ছে চলা ডিজিয়ে ।
দিল্লীৰ আপ চৰকাৰ ৰ এগৰাকী মন্ত্ৰীৰ ওচৰত এই আহ্বান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক ভূপেন দাস ৰ ।
মঙলদৈত ৰাজনৈতিক অধিকাৰ আন্দোলন’ৰ উদ্যোগত মঙলদৈ জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা “ভাৰতীয় সংবিধান আৰু বাবা চাহেব আম্বেদকাৰ” শীৰ্ষক আলোচনা চক্ৰত উপস্থিত আছিল দিল্লীৰ আপ চৰকাৰৰ মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতম ।
সভা চলি থকাৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক গৰাকীয়ে মঞ্চত উঠি হঠাতে গামোচা এখন দি এইদৰে মন্তব্য কৰে ।
কংগ্ৰেছ ৰ নেতাৰ এনে কাৰ্য্যই ৰাজ্যত আপ দলৰ উত্থান বিষয়টো স্পষ্ট কৰিছে ।