পংকজ পাঠকৰ বিৰুদ্ধে গোচৰ ৰুজু

9

পংকজ পাঠকৰ বিৰুদ্ধে গোচৰ ৰুজু

পংকজ পাঠকৰ বিৰুদ্ধে গোচৰ ৰুজু। পংকজ পাঠকে অসমৰ নাৰী জাতিৰ চৰিত্ৰক লৈ কৰা মন্তব্যৰ পিছত পংকজ পাঠকৰ বিৰুদ্ধে জাগি উঠিছে নাৰী সংগঠন।ফেচবুক, ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰা মহিলাসকলক লৈ কৰা লজ্জাজনক মন্তব্যৰ পিছতেই নাৰীৰ চৰিত্ৰক লৈ পুনৰ এক বিতৰ্কমূলক অভিযোগ পংকজ পাঠকৰ। আজি কালি মহিলাই হেনো ২০০০ টকা লৈ ধৰ্ষণৰ ভুৱা গোচৰ তৰে বুলি অভিযোগ পংকজ পাঠকৰ। এতিয়া থানাই থানাই দাখিল নাৰীক অপমান কৰাৰ অভিযোগত পংকজ পাঠকৰ বিৰুদ্ধে এজাহাৰ। পংকজ পাঠকৰ বিৰুদ্ধে যোৰহাট থানাত অভিযোগ জাতীয় নাৰী বাহিনীৰ। জাতীয় নাৰী বাহিনীয়ে অভিযোগ দাখিল কৰি অসভ্য বুলি মন্তব্য কৰকৰাৰ লগতে সংবাদ মাধ্যমৰ আগত কয় যে পংকজ পাঠকৰ দৰে অসভ্য মানুহক সমাজৰ পৰা আতৰ কৰাৰ সময় আহি পৰিছে। কম্পিউটাৰ মেকানিকৰ পৰা স্বয়ম্বু আচৰ্য হৈ পৰকীয়া প্ৰেমত লিপ্ত থকা পংকজ পাঠকৰ নিজৰ পত্নীয়ে গোচৰ দি থোৱা মানুহটোয়ে এতিয়া বেলেগৰ চৰিত্ৰৰ কথা কৈছে বুলি মন্তব্য জাতীয় নাৰী বাহিনীৰ।

News Desk , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here