নৱেম্বৰৰ পৰা সলনি হ’ব ৰন্ধন গেছ লাভ কৰাৰ নিয়ম

0
152

নৱেম্বৰৰ পৰা সলনি হ’ব ৰন্ধন গেছ লাভ কৰাৰ নিয়ম

চিলিণ্ডাৰৰ চোৰাং বেহা ৰোধ কৰাৰ বাবে চৰকাৰে এক পদক্ষেপ গ্ৰহণ কৰিছে।নতুনকৈ প্ৰযোজ্য হব লগীয়া নিয়ম অনুসৰি গ্ৰাহক এজনে মোবাইল ফোনৰ জৰিয়তে চিলিণ্ডাৰ বুক কৰাৰ পিছতে তেওঁলৈ এটা OTP অৰ্থাৎ ৱান টাইম পাছৱৰ্ড আহিব।
চিলিণ্ডাৰ ডেলিভাৰী দিয়াৰ সময়ত ডেলিভাৰী দিয়া লোকজনে গ্ৰাহকৰ মোবাইল ফোনলৈ অহা OTP টো চাব আৰু সেয়া বুকিং কৰাৰ পিছত দিয়া OTP ৰ সৈতে মিলিলেহে গ্ৰাহকক চিলিণ্ডাৰ ডেলিভাৰী দিব।
DAC নামেৰে আৰম্ভ কৰিবলগীয়া এই ব্যৱস্থাৰ ফলত এতিয়া এজন গ্ৰাহকৰ নামত আৱণ্টিত চিলিণ্ডাৰ আন গ্ৰাহকে ল’ব নোৱাৰিব।১ নৱেম্বৰৰ পৰা দেশৰ ১০০ খন বচা বচা চহৰত এই ব্যৱস্থা প্ৰচলন কৰা হ’ব।
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here