Wednesday, March 22, 2023
HomeAssameseনৱপ্ৰজন্মৰ বাবে এজন আদৰ্শৱান যুৱক

নৱপ্ৰজন্মৰ বাবে এজন আদৰ্শৱান যুৱক

নৱপ্ৰজন্মৰ বাবে এজন আদৰ্শৱান যুৱক

নাম এওঁৰ কল্যাণ চেতিয়া ।
তিনিচুকীয়া জিলাৰ মাকুমৰ নিবাসী যুৱ ঠিকাদাৰ হিচাপে পৰিচিত কল্যাণ চেতিয়াৰ নাম এতিয়া বৃহত্তৰ মাকুম অঞ্চলত সকলোৱে মুখে মুখে,কাৰণ ভাৰত চৰকাৰৰ নাইবা অসম চৰকাৰৰ যিকোনো অভিলাসী আঁচনিৰ কাম এইজন যুৱ ঠিকাদাৰে খুব নিকা আৰু স্বচ্ছ ভাৱে কৰাৰ অভিলেখ আছে।

এইজন যুৱকে ভাৰত চৰকাৰৰ বহু অভিলাসী আঁচনি, “জল জীৱন মিচন” অৰ্থাৎ পানী যোগান প্রকল্প তিনিচুকীয়া জিলাৰ ভিতৰত প্ৰথমটো প্ৰকল্প ডিগবৈ সমষ্টিৰ অন্তৰ্গত বেতজান চাহবাগিচাত সম্পূৰ্ণ কৰি ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাত সহায় কৰিছে।

উল্লেখনীয় বিষয় যে এইজন যুৱ ঠিকাদাৰ বাবে বহু কেইজন যুৱকে কৰ্ম সংস্থাপন পাই নিজৰ পৰিয়ালটিক পোহপাল দিবলৈ সক্ষম হৈছে।

আজি সেই ধাৰা অব্যাহত, এটা-দুটাকৈ মুঠ পাঁচটাকৈ এই অভিলাসী আঁচনি এইজন যুৱকৰ হাতত সুন্দৰ ভাৱে প্ৰাণ পাই উঠিল,তাৰে ভিতৰত মঙলবাৰে ডিগবৈ সমষ্টিৰ অন্তৰ্গত মাকুম হাপজান চাহ বাগিচাৰ টপ লাইনত এক কোটি বিশ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ হোৱা পঞ্চমটো অৰ্থাৎ ডিগবৈ সমষ্টিৰ ভিতৰত সপ্তমটো পানী যোগান প্ৰকপ্লৰ আনুষ্ঠানিক ভাৱে মুকলি কৰে অসম চৰকাৰৰ শ্ৰমিক কল্যাণ মন্ত্ৰী সঞ্জয় কিষানে,লগতে মন্ত্ৰী জনৰ সৈতে সংগ দিয়ে ডিগবৈ সমষ্টিৰ স্থানীয় বিধায়ক সুৰেন ফুকন প্ৰমুখ্যে কৰি তিনিচুকীয়া জিলা উপায়ুক্ত নৰ্ছিং পাৱাৰয়ে।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments