ন্যায়াধীশ দম্পতীক তদন্তৰ আওতালৈ অনা হ’বঃ DGP কুল শইকীয়া

0
871
NEWS DESK NE INDIA: শেহতীয়াকৈ অসমত বৃদ্ধি পোৱা হিজবুল মুজাহিদ্দিনৰ সন্দৰ্ভত সষ্টম হৈছে আৰক্ষী প্ৰশাসন ৷ এই সন্দৰ্ভত DGP কুল শইকীয়াই কয় যে আৰক্ষীৰ জেৰাত বহু তথ্য পোহৰলৈ আহিছে ৷ হিজবুলৰ সৈতে সম্পৰ্ক থকা যুৱক অসমত থাকিব পাৰে ৷ লগতে APSC ৰ সন্দৰ্ভতো মন্তব্য কৰিছে DGP কুল শইকীয়াই ৷ APSC ত শেহতীয়াকৈ এজন ন্যায়াধীশৰ পত্নীয়ে এক কোটি লোৱাৰ বিষয়টোৱে সৃষ্টি কৰিছে ধুমুহাৰ ৷ এই প্ৰসংগত DGP কুল শইকীয়াই কয় যে,তদন্তৰ আওতালৈ আহিব ন্যায়াধীশ দম্পতী ৷ সম্প্ৰতি আংশিক অভিযোগ নামাহে দাখিল কৰা হৈছে ন্যায়াধীশ দম্পতীৰ বিৰুদ্ধে ৷ পৰৱৰ্তী অভিযোগ নামাতহে অধিক লোকৰ নাম আহিব ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here