নেতিবাচক মানসিকতা
খেল বুলি ক’লে – জয় পৰাজয়ৰ কথা থাকিবই। প্ৰচণ্ড মানসিক আক্ৰোশ, অমানুষিক শাৰীৰিক কচৰৎ আৰু সময়ৰ উপযুক্ত প্ৰয়োগে কোনো এজন খেলুৱৈ বা কোনো এখন সংঘবদ্ধ খেলক সাফল্যৰ শীৰ্ষ বিন্দুত প্ৰতিষ্ঠা কৰে।
বিভিন্ন খেলত ভাগলৈ আজিলৈকে ভাৰতীয় খেলুৱৈয়ে ভাৰতক গৌৰৱান্বিত কৰিছে। ভাৰতীয় হকী টীমে নাইবা ক্ৰিকেট টীমে বহু বাৰ প্ৰচণ্ড প্ৰতিযোগিতাৰ সন্মুখীন হৈ জয় আজুৰি আনিবলৈ সক্ষম হৈছে। তাৰ মাজতে বহু সময়ত পৰাজয়ৰ গ্লানি লৈ ঘূৰি আহিব লগীয়াও হৈছে।
এই জয়-পৰাজয়ৰ পৃষ্ঠভূমিক বহুতো কাৰকে বিভিন্ন দিশত প্ৰভাৱান্বিত কৰে। সেই কথা সকলোৱে বুজি হয়তো নাপায়। তাৰ বিশ্লেষণো সকলোৱে কৰিব নোৱাৰে।
বহু সাধনাৰ অন্তত মানুহে নিজৰ জয় নিশ্চিত কৰিবলৈ সক্ষম হয়। তাক সাধাৰণ সাংবাদিক এজনে অনুধাৱন কৰি নোৱাৰাটো স্বাভাৱিক। আমাৰ মাজত নিজে একো নজনা বিষয় একোটাত পাণ্ডিত্য জাহিৰ কৰা মানুহৰ অভাৱ নাই।
যিজন মানুহে ক্ৰিকেটৰ এ বি চি ডি একো নাজানে – তেওঁ শচীন টেণ্ডুলকাৰ কিয় হাৰিল তাৰ ওপৰত জ্ঞান গৰ্ভ আলোচনা আগবঢ়ায়। নাইবা হিমা দাসে কি কৰিব লাগে, কি কৰিব নালাগে তাৰ পৰামৰ্শ দিয়ে।
অসম প্ৰদেশৰ ধিঙৰ দৰে ঠাই এখনৰ পৰা হিমা দাস নামৰ ছোৱালী এজনীয়ে আন্তৰ্জাতিক পৰ্য্যায়ত যি দূৰন্ত ক্ৰীড়া প্ৰতিভা প্ৰদৰ্শন কৰিলে তাক কোনো মানদণ্ডৰে জুখিব নোৱাৰি।
আন্তৰ্জাতিক ক্ৰীড়াৰ পথাৰখনত আমাৰ অসমৰ খেলুৱৈয়ে খোজ পেলোৱা কিমান দিন হৈছে? আমাৰ ল’ৰা-ছোৱালীয়ে কাৰ পৰা স্পন্সৰ লাভ কৰিছে? আজি পৰ্যন্ত ভাৰতীয় ক্ৰিকেট দলত আমাৰ খেলুৱৈ আছে নে? ক্ৰীড়াৰ পথাৰত আমি একেবাৰে কেচুৱা হৈয়েই আছোঁ।
তেনেকুৱা সময়ত অন্য দেশৰ খেলুৱৈয়ে ক্ৰীড়াৰ জগতত ক্ষেত্ৰত বহু দূৰ আগুৱাই গৈছে। সেইবোৰ খেলুৱৈৰ লগত টক্কৰ দিয়া লাভলীনা, মীৰাবাঈ বা হিমাৰ বাবে বহুত ডাঙৰ জীত।
কিন্তু কিছুমান বাতৰি যোগনীয়াৰে খৰৰ প্ৰচাৰ কৰিলে “হিমা হাৰিল”, “Hima Das fails to qualify final” – ইত্যাদি ইত্যাদি।
অসমৰ পৰা গৈ ভাৰতৰ সীমা পাৰ হৈ আফ্ৰিকান খেলুৱৈৰ টক্কৰ দি শেষ মূহুৰ্তত পিছ পৰিল মাত্ৰ ০.০১ ছেকেণ্ড সময় ব্যৱধানত।
আমি ক’ম – এয়া হিমাৰ হাৰ নহয়, মাৰ্ভালাচ জীত। তাৰ বিপক্ষে মাত্ৰ এটাই যুক্তি আছে হাৰ, হাৰেই সি যিমান ছেকেণ্ডৰেই নহও। কিন্তু সপক্ষে অনেক যুক্তি আছে।
হিমাৰ ট্ৰেকৰ অভিজ্ঞতা কম। অনুশীলন কম। প্ৰতিপক্ষক জানিবলৈ পোৱা সুযোগ কম। তথাপিয়ো প্ৰসিদ্ধ আফ্ৰিকাৰ খেলুৱৈৰ সৈতে প্ৰতিদ্বন্দিতা কৰি ০.০১ ছেকেণ্ডত পিছ পৰাটোৱে এইটো নুবুজায় যে হিমা হাৰিল। আমি ভাবোঁ – এয়া জিকাৰ প্ৰস্তুতিহে ভৱিষ্যতৰ প্ৰতিযোগিতাত।
আমাৰ যিসকল স্বল্প জ্ঞানী সাংবাদিকে এই খবৰটোৰে হিমাৰ হাৰি গ’ল বুলি বুজাব খুজিছে সেই সকলে হয়তো বুজি পোৱা নাই – হিমাই কি চমৎকাৰ প্ৰদৰ্শন কৰি ভাৰতৰ সাহস আৰু আৰু গৌৰৱ আনৰ মাটিত ৰোপণ কৰি থৈ আহিল।
আজি যিসকলে হিমাক সমালোচনা কৰিছে, তেওঁলোকে কেতিয়াবা ট্ৰেকত দৌৰি পাইছে নে বাৰু? তেওঁলোক নিজেই কি কামত সফল হৈছে তাৰ পৰিচয় দিব পাৰিব নে? নে লোকৰ নেতিবাচক সমালোচনা কৰাতেই তেওঁলোকৰ সাফল্য?
কেতিয়াবা কাৰোবাৰ পৰাজয় আহিবই। বুলি তাৰ পজিটিভিটি শেষ হৈ নাযায়। আমি গঠন মূলক বিশ্লেষণ আৰু ধনাত্মক প্ৰেৰণা দিয়া উচিত। নেতিবাচক সমালোচনাই মানুহক হতাশ কৰে।
হিমাৰ পৰাজয়ক মানি লৈয়ো আগন্তুক প্ৰতিযোগিতাবোৰত হিমাই যাতে প্ৰচণ্ড সংঘৰ্ষৰে নিজক প্ৰতিষ্ঠা কৰিব পাৰে -তাৰ বাবে সকলোৱে উৎসাহ প্ৰদান কৰক।
নেতিবাচক সমালোচনা ত্যাগ কৰক।
কাৰণ হিমাৰ হাৰ মানে মোৰ হাৰ, মোৰ দেশৰ হাৰ,১৪০ কোটি মানুহৰ দেশ এখনৰ হাৰ।
আমি আশাবাদী হিমাই তাৰ পোটক তুলিব।
লাভলীনাই আকৌ এবাৰ দেখুৱাই দিব – পৰাজয়ে নিশ্চিত কৰে জয়ৰ সুগম্য পথ!
ড০ আৰ কে বেজবৰুৱা, তেজপুৰ, Ne India News