Saturday, March 25, 2023
HomeAssameseনৃত্যাঙ্গন সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ মাহজোৰা কৰ্মশালাৰ সামৰণি

নৃত্যাঙ্গন সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ মাহজোৰা কৰ্মশালাৰ সামৰণি

নৃত্যাঙ্গন সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ মাহজোৰা কৰ্মশালাৰ সামৰণি

নৃত্যাঙ্গন সত্ৰীয়া সংগীত মহাবিদ্যালয়ে ৪ জুলাইৰ পৰা অনুষ্ঠিত কৰা ৯ জুলাই ২০২২ তাৰিখলৈ ৰূপ শিখা শালৈৰ অধ্যক্ষতাত অনুষ্ঠিত কৰা সত্ৰীয়া নৃত্য আৰু বৰগীতৰ কৰ্মশালাৰ দেওবাৰে মঙলদৈ জিলা পুথিভঁড়ালত জিলা উপায়ুক্তৰ বন্তি প্ৰজ্বলন আৰু মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰু জ্যোতি দাসৰ মঞ্চ উদ্বোধনী কাৰ্যসূচীৰে সামৰণি অনুষ্ঠান আৰম্ভ হয় ।এই সত্ৰীয়া নৃত্য কৰ্মশালাত হৰি প্ৰসাদ শইকীয়া (সত্ৰীয়া নৃত্য)আনন্দ মুক্তিয়াৰ(সত্ৰীয়া নৃত্য)আৰু গৌতম বায়ন (বৰগীত)নৃত্য গুৰুই প্ৰশিক্ষণ প্ৰদান কৰে ।এই সামৰণি অনুষ্ঠানত উপস্থিত থাকে
সংগীত নাটক একাডেমিৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত সত্ৰীয়া নৃত্যৰ প্ৰচাৰক আৰু প্ৰসাৰক ৰামকৃষ্ণ তালুকদাৰ ।এই অনুষ্ঠানতে সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰক ৰামকৃষ্ণ তালুকাদৰক এক উষ্ম সম্বৰ্দ্ধনা প্ৰদান কৰা হয়।সম্বৰ্দ্ধনা প্ৰদান কৰে নৃত্যাঙ্গন সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা ৰূপশিখা শালৈয়ে । ৰামকৃষ্ণ তালুকাদৰে সম্বৰ্দ্ধনা গ্ৰহণ কৰি এক সত্ৰীয়া নৃত্য সম্পৰ্কত এক গুৰুত্বপূৰ্ণ ভাষণ ৰাখি কয় যে অসমীয়া বোলছবিত দুটাকৈ ৰজত কমল বঁটা লাভ কৰি দৰং জিলালৈ গৌৰৱ কঢ়িয়াই অনা দৰঙৰ সু সন্তান ৰূপশিখা শালৈৰ এই প্ৰচেষ্টাক স গৌৰৱে প্ৰশংসা কৰিছো। উপস্থিত থাকে দৰং জিলা উপায়ুক্ত প্ৰণব কুমাৰ শৰ্মা,মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰু জ্যোতি দাস,ডাক্তৰ ৰমাকান্ত বৰা।

পংকজ সৰকাৰ, মঙ্গলদৈ, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments