নুপুৰ শৰ্মাক সকাহ উচ্চতম ন্যায়লয়ৰ ! গ্ৰেপ্তাৰত বাধা ১০ আগষ্টলৈ

7

নুপুৰ শৰ্মাক সকাহ উচ্চতম ন্যায়লয়ৰ ! গ্ৰেপ্তাৰত বাধা ১০ আগষ্টলৈ

মুছলমান ধৰ্মগুৰুক লৈ তীৰ্যক মন্তব্য আগবঢ়োৱা নুপুৰ শৰ্মাৰ গ্ৰেপ্তাৰৰ ক্ষেত্ৰত বাধা উচ্চতম ন্যায়লয়ৰ । ১০ আগষ্টলৈ গ্ৰেপ্তাৰৰ ক্ষেত্ৰত বাধা উচ্চতম ন্যায়লয়ৰ ।
নুপুৰ শৰ্মাৰ ব্যক্তিগত চেনেলত কৰা মন্তব্যটোৰ পিচতে সমগ্ৰ দেশত সৃষ্টি হৈছিল অৰাজক পৰিস্থিতি । বিজেপিৰ প্ৰাক্তন প্ৰবক্তা গৰাকীৰ বিৰুদ্ধে দেশৰ বিভিন্ন ৰাজ্যত গোচৰ তৰা হৈছিল । পশ্চিম বংগকে ধৰি কেবাখনো ৰাজ্যৰ আৰক্ষীয়ে গ্ৰেপ্তাৰৰ চেষ্টা চলাইছিল নুপুৰ শৰ্মাক ।
বিভিন্ন ৰাজ্যত ৰুজু হোৱা গোচৰ সমুহ দিল্লীলৈ ট্ৰাঞ্চফাৰ কৰা বাবে ন্যায়লয়ত আবেদন জনাইছিল নুপুৰ শৰ্মাই । সেই আবেদনৰ শুনানী গ্ৰহণ কৰি মঙলবাৰে আদালতে নুপুৰ শৰ্মাৰ ক্ষেত্ৰত ১০ আগষ্টলৈ গ্ৰেপ্তাৰ কৰাত বাধা প্ৰদান কৰে । পৰৱৰ্তী শুনানী গ্ৰহণ কৰা হব ১০ আগষ্টত । মঙলবাৰে আদলতে টিপ্পনী কৰে যে , এতিয়াৰে পৰা নুপুৰ শৰ্মাৰ বিৰুদ্ধে কোনোৱে এজাহাৰ প্ৰদান কৰিলে সেই এজাহাৰৰ ক্ষেত্ৰত ব্যৱস্থা লব নোৱাৰিব । পুৰ্বে নুপুৰ শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা ৮ খন ৰাজ্যলৈ আদালতে ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে । ১০ আগষ্টৰ পৰৱৰ্তী শুনানীত নুপুৰ শৰ্মাৰ বিৰুদ্ধে ৮ ৰাজ্যত ৰুজু হৈ থকা গোচৰ সমুহ দিল্লীলৈ ট্ৰাঞ্চফাৰ হব নে নাই , সেই সন্ধৰ্ভত ৰায় দিব আদালতে ।

National Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here