নিৰ্বাচন আয়োগৰ সংবাদমেল ! কেতিয়া অনুষ্ঠিত হব বিধানসভা নিৰ্বাচন

0
168

 

নিৰ্বাচন আয়োগৰ সংবাদমেল ! কেতিয়া অনুষ্ঠিত হব বিধানসভা নিৰ্বাচন

দুদিনীয়া ভ্ৰমণসুচী সামৰি আজি উভটিব নিৰ্বাচন আয়োগৰ দল । নিৰ্বাচন আয়োগে এই ভ্ৰমণকালত ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধিক সাক্ষাৎ কৰি দল সমুহৰ মন্তব্য গ্ৰহণ কৰে ।
আজি ভ্ৰমণ সামৰাৰ পুৰ্বে মহানগৰীৰ ৰেডিছন ব্লুত অনুষ্ঠিত হয় নিৰ্বাচনী আয়োগৰ এক সংবাদমেল । সংবাদমেল সম্বোধন কৰে দেশৰ মুখ্য নিৰ্বাচনী বিযয়া সুনিল আৰোৰাই ।
আৰোৰাই কৰে ,বিহুৰ পুৰ্বে ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰে ৰাজনৈতিক দল সমুহে । ইতিমধ্যে ১৮ জানুৱাৰীত প্ৰকাশ কৰা হৈছে চুড়ান্ত ভোটাৰ তালিকা । NRC ত নাম নেথাকিলেও ভোটদানৰ সুবিধা পাব , যদিহে ভোটাৰ তালিকাত নাম থাকে । এই বাৰৰ নিৰ্বাচনত ৰাজনৈতিক দল সমুহৰ সভাৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিব আয়োগে । প্ৰাৰ্থী সকলে অনলাইন যোগেও মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব । প্ৰচাৰৰ ক্ষেত্ৰত প্ৰাৰ্থী গৰাকীৰ লগত মাত্ৰ পাচ গৰাকী সমৰ্থক হে ঘৰে ঘৰে প্ৰচাৰ কাৰ্য চলাব পাৰিব । ছচিয়েল মিডিয়াৰ ওপৰতো তীক্ষ্ণ নজৰ ৰখা হব । জিলা পৰ্যায়ত নিৰ্বাচনী ব্যায় নিৰীক্ষণ কৰিন জিলা উপায়ুক্তই । ৰাজ্যৰ আইন শৃংখলা সুস্থিৰ । ৰাজ্যত স্বচ্চ আৰু শান্তিপুৰ্ণ নিৰ্বাচন অনুষ্ঠিত হব বুলি আশাবাদী নিৰ্বাচনী আয়োগ ।

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here